গুৱাহাটী : ভোগালীৰ আনন্দৰ মাজতে মহানগৰীত নৃশংস হত্যাকাণ্ডৰ ঘটনা। এগৰাকী বোৱাৰীক ডিঙি চেপি হত্যাৰ সন্দেহ। যৌতুকৰ বাবে স্বামী গৃহৰ পৰিয়ালে বোৱাৰী গৰাকীক হত্যা কৰাৰ সন্দেহ।

ৰাজ্যজুৰি মাঘ বিহুৰ উখল মাখল পৰিৱেশ। ভোগালীৰ নিশাৰ সাজৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাইছে ৰাজ্যবাসী। মহানগৰী গুৱাহাটীতো ভোগালী উপলক্ষে দেখিবলৈ পোৱা গৈছে মহানগৰবাসীৰ মাজত ব্যাপক ব্যস্ততা।

ভোগালীকলৈ মহানগৰবাসী ব্যস্ত হৈ থকাৰ মাজতে হাতীগাঁৱত এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। হাতীগাঁৱত স্বামী পৰিয়ালৰ লোকে এগৰাকী বোৱাৰীক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰতিমা বেগম ওৰফে দিলোৱাৰা বেগম নামৰ বোৱাৰী গৰাকীক স্বামী গৃহৰ পৰিয়ালৰ লোকে ডিঙি চেপি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। যৌতুকৰ বাবে প্ৰতিমা বেগম ওৰফে দিলোৱাৰা বেগমক স্বামী গৃহৰ লোকে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

প্ৰতিমা বেগম ওৰফে দিলোৱাৰা বেগমক স্বামী গৃহৰ লোকে যৌতুক বিচাৰি দীর্ঘদিন ধৰি নিৰ্যাতন চলাই আছিল বুলি জানিব পৰা গৈছে। হাতীগাঁও আৰক্ষীয়ে ইতিমধ্যে প্ৰতিমা বেগম ওৰফে দিলোৱাৰা বেগমৰ স্বামী গৃহৰ পৰিয়ালৰ লোকক গ্ৰেপ্তাৰ কৰিছে।