বাক্সা 

১ জুলাই

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে বাক্সা জিলাৰ কেইবাটাও খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন কৰি বৰনদী, পাগলাদিয়া আৰু পুঠিমাৰী নদীৰ খহনীয়াৰ বুজ লোৱাৰ লগতে অঞ্চলকেইটাত চলি থকা জলসম্পদ বিভাগৰ বিভিন্ন কাম কাজৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰে। পুৱাৰ ভাগত মন্ত্ৰীগৰাকীয়ে নাগ্ৰীজুলি চাহ বাগিছাৰ বৰনদীৰ কাষৰীয়া অঞ্চলত জলসম্পদ বিভাগৰ অধীনত চলি থকা বান আৰু খহনীয়া প্ৰতিৰোধৰ কাম পৰ্যবেক্ষণ কৰি কামৰ অগ্ৰগতিৰ বুজ লয়।

উল্লেখযোগ্য যে অঞ্চলটোৰ এই বান আৰু খহনীয়া প্ৰতিৰোধৰ কাম আই আই টি ৰুৰকীৰ প্ৰাক্তন অধ্যাপক তথা বান বিশেষজ্ঞ ডঃ নয়ন শৰ্মাৰ পৰামৰ্শ মতে জলসম্পদ বিভাগৰ অধীনত চলাই থকা হৈছে। এই কামৰ অগ্ৰগতি প্ৰত্যক্ষভাৱে বুজ লৈ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে যে বান বিশেষজ্ঞ ডঃ নয়ন শৰ্মাৰ পৰামৰ্শ মতে বিভাগৰ অধীনত চলাই থকা এই কামে খহনীয়া ৰোধৰ ক্ষেত্ৰত যথেষ্ট খিনি সক্ষম হৈছে আৰু এই পদ্ধতি অসমৰ আন অঞ্চলতো কৰিব পৰা যায় নেকি সেয়া বিভাগ তথা চৰকাৰে গুৰুত্ব দিব। আনহাতে কিছুক্ষেত্ৰত বানপানীতকৈও খহনীয়াৰ সমস্যাক বেছি গভীৰ বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয়, “মুখ্যমন্ত্ৰীয়ে খহনীয়া সমস্যাক গুৰুত্ব সহকাৰে লৈছে আৰু আমি খহনীয়া ৰোধৰ বাবে খুব চিৰিয়াচলী কাম কৰিব বিছাৰিছো”।

বৰ্তমানে প্ৰচলিত খহনীয়া ৰোধৰ ব্যৱস্থাবোৰৰ বাহিৰেও নতুন প্ৰযুক্তিৰ ব্যৱহাৰ তথা কম খৰচত অধিক ফলপ্ৰসু কাম কৰিব পৰা পদ্ধতি ব্যৱহাৰ কৰিব পৰা যায় নেকি সেই বিষয়েও গুৰুত্ব দিব বুলি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰে। নাগ্ৰীজুলিৰ পিছতে মন্ত্ৰীগৰাকীয়ে বৰনদী আৰু পাগলাদিয়া নদীৰ কাষৰীয়া ২ নং বগৰীখুটি, জাৰতালুক, নামচাৰিয়া আৰু চাৰনজংঘল অঞ্চল পৰিদৰ্শন কৰি মথাউৰী তথা বিভাগীয় আন কামকাজৰ বুজ লয় আৰু বিভাগীয় বিষয়াক এই অঞ্চলসমূহত বান আৰু খহনীয়া ৰোধৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।