গুৱাহাটী

১ জুলাই

ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে বৃহস্পতিবাৰে ৰাজ্যৰ চিকিৎসকসকললৈ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জনায় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। কামৰূপ (মহানগৰ) জিলাৰ অন্তৰ্গত ক্ষেত্ৰী ৰাজ্যিক চিকিৎসালয়ত বৃহস্পতিবাৰে আয়োজিত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস ২০২১ৰ এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘এক সুস্থ জীৱন যাপনৰ ক্ষেত্ৰত আমাৰ সমাজৰ প্ৰতিগৰাকী লোকৰ বাবেই চিকিৎসকসকল হৈছে মূল সাৰথি। তেখেতসকল আমাৰ অসহায় সময়ৰ সহায় আৰু সাহস। ৰোগাক্ৰান্ত, আৰ্তজনক চিকিৎসাৰে মানৱ জাতিলৈ অতুলনীয় সেৱা আগবঢ়াই আহিছে চিকিৎসকসকলে।

বৰ্তমানৰ ক’ভিড অতিমাৰীৰ বিৰুদ্ধে চলোৱা যুঁজতো আমাৰ চিকিৎসকসকলে সমুখৰ পৰা নেতৃত্ব লোৱাৰ লগতে জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰিবলৈ উৎসৰ্গিত সেৱাৰ মনোভাৱেৰে দিনে-নিশাই ব্ৰতী হৈ আছে বুলিও মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ এই বিশেষ উপলক্ষত প্ৰতিগৰাকী চিকিৎসকৰ শলাগ লৈ চিকিৎসকসকলক কৃতজ্ঞত জনায় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰথম শাৰীৰ ক’ভিড যোদ্ধা হিচাপে ক’ভিড অতিমাৰীত আক্ৰান্ত লোকলৈ চিকিৎসা সেৱা আগবঢ়াই ইতিমধ্যে মৃত্যুক সাৱটি লোৱা চিকিৎসকসকলৰ চৰম ত্যাগ আৰু মানৱসেৱাক সশ্ৰদ্ধ স্মৰণ কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বৰ্তমানৰ ক’ভিড পৰিস্থিতিলৈ লক্ষ্য ৰাখি আৰু ক’ভিড প্ৰট’কলৰ মাজেৰে ক্ষেত্ৰী ৰাজ্যিক চিকিৎসালয়ত সীমিত কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ এই অনুষ্ঠানৰ আয়োজন কৰে। উল্লেখ্য যে ভাৰতৰ মহান চিকিৎসক, জননেতা, ভাৰতৰত্ন ডাঃ বিধান চন্দ্ৰ ৰয়লৈ সন্মান জনাই ১৯৯২ চনৰ পৰা ভাৰত চৰকাৰে প্ৰতি বছৰে ১ জুলাইৰ দিনটোক ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালনৰ ব্যৱস্থা কৰে। ১ জুলাইৰ দিনটোত ভাৰতীয় চিকিৎসা ক্ষেত্ৰৰ মহীৰূহ ডাঃ ৰায়ৰ জন্মদিন পৰাৰ লগতে ৮০ বছৰ বয়সত এই একেটা দিনতে তেওঁৰ মৃত্যুও হৈছিল। অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এনএইচএম), অসমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, স্বাস্থ্যসেৱাৰ সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞা, স্বাস্থসেৱা (পৰিয়াল কল্যাণ) সঞ্চালক মুনীন্দ্ৰ নাথ নাটে আৰু চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন আৰু এনএইচএমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীসহ স্বাস্থ্য বিভাগৰ বহুকেইগৰাকী বিষয়াৰ লগতে অসম চিকিৎসা সেৱা সংস্থা (আমছা) আৰু ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন (আইএমএ)ৰ ৰাজ্যিক সমিতিৰ প্ৰতিনিধি-বিষয়ববীয়ায়ো অংশ গ্ৰহণ কৰে।

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ এই অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ক্ষেত্ৰী ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসকৰ লগতে আমছা আৰু আইএমএৰ প্ৰতিনিধি চিকিৎসকসকলক সম্বৰ্ধনা জনায়। ইফালে, অসম চৰকাৰৰ অভিলাষী স্বাস্থ্য সুৰক্ষা আঁচনি ‘অসম আৰোগ্য নিধি’ৰ অধীনত চলিত বিত্তীয় বৰ্ষৰ হিতাধিকাৰীৰ মাজত চিকিৎসা সাহাৰ্য বিতৰণ প্ৰক্ৰিয়াও স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। অনুষ্ঠানত নিৰ্বাচিত তিনিগৰাকী হিতাধিকাৰীৰ হাতত চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত সকাহ পোৱাকৈ অসম আৰোগ্য নিধিৰ পৰা আগবঢ়োৱা আৰ্থিক সাহাৰ্যৰ চেক্ প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। তদুপৰি, এনএইচএমে ৰাজ্যবাসীৰ মাজত স্বাস্থ্য আৰু চিকিৎসা বিষয়ক সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰকাশৰ ব্যৱস্থা কৰা ‘স্বাস্থ্য দাপোন’ শীৰ্ষক এখন তিনিমহীয়া বাৰ্তালোচনীৰ প্ৰস্তাৱনা সংখ্যাটিও ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰে সংগতি ৰাখি অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে শুভ উন্মোচন কৰে।