কোকৰাঝাৰ, ১২ মেঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠন আৰু বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থা, এন ডি এফ বি আৰু পিজেএচিবিএময়ে কোকৰাঝাৰৰ শিশু খেলপথাৰত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰায় পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদকাৰীসকলে ডিভাইড আছাম ৫০ঃ৫০, ন’ বড়োলেণ্ড ন’ ৰেষ্ট, এবছু লং-লিভ, বড়োলেণ্ড আমাৰ নায্য দাবী আদি শ্ল’গানেৰে চৌদিশে পৰিৱেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ পিছত বড়োলেণ্ড ৰাজ্য গঠনৰ প্ৰক্ৰিয়াটো তৰান্বিত কৰাৰ দাবীত প্ৰতিবাদকাৰীসকলে মহকুমাধিপতিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে, পৃথক বড়োলেণ্ড ৰাজ্য গঠন আৰু বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ দাবীত বিটিএডিত বসবাস কৰা বড়োসকলে দীৰ্ঘদিন ধৰি দাবী জনায় আহিছিল৷ এই সৰ্ন্দভত বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠনে বিভিন্ন সময়ত ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাত মিলিত হৈছিল৷ কিন্তু চৰকাৰে এইসকল লোকক প্ৰতিশ্ৰুতিৰ বাহিৰে পৃথক বড়োলেণ্ড ৰাজ্য গঠন আৰু বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত কোনো ধৰণৰ বিহিত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ এই  বঞ্চনাৰ প্ৰতিবাদত বড়ো অধ্যুষিত অঞ্চলত প্ৰতিবাদী জনতা তথা দল সংগঠনে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে চৰকাৰক শীঘ্ৰে বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷