গুৱাহাটী, ১১মেঃ পুৰণিকলীয়া শিক্ষাব্যৱস্থা বাস্তৱ সন্মতভাবে শিক্ষার্থীক সৰু সৰু ৰ’বটৰ দ্বাৰা প্রেষ্টিকেল্পী শিক্ষাদানেৰে অতি সহজ ভাবে শিকোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে বাঙ্গালুৰুৰ স্কাইৰিম ইন’ভেশ্বন প্ৰাইভেট লিমিটেড নামৰ প্রতিষ্ঠানটােৱে৷ কেন্দ্রীয় চৰকাৰৰ অধীনস্থ Atal Tinkering Lab আঁচনিৰ জৰিয়তে এই প্রতিষ্ঠানটােৱে প্ৰথমবাৰৰ বাবে ৰ’বটিক পদ্ধতিৰ দ্বাৰা বিজ্ঞান, কাৰিকৰী, প্রযুক্তি বিদ্যা, কলা, গণিত আৰু নক্সা আদি সকলো বিষয় সামৰি এক (STEAMD) আৰ্হিৰে অসমতো শিক্ষাৰ্থীৰ দক্ষতা বিকাশ ঘটােৱাৰ প্ৰয়াসেৰে শিক্ষাদান কৰাৰ প্ৰচেষ্টা হাতত লৈছে৷ উল্লেখ্য যে, বর্তমানলৈকে এই প্ৰতিষ্ঠানটোৱে ভাৰতবৰ্ষৰ বিভিন্ন স্কুল-কলেজৰ ৩০,০০০ৰাে অধিক ছাত্র-ছাত্রীক এই শিক্ষা ব্যৱস্থাৰ অধীনলৈ আনিছে। ভাৰতৰ বিভিন্ন প্রান্তৰ লগত একে পদ্ধতিৰে অসমতো ইয়াৰ এটি শাখা খুলিবলৈ প্ৰতিষ্ঠানটোৱে পৰিকল্পনা কৰিছে৷ বর্তমান গুৱাহাটীৰ বশিষ্ঠ ৰােডৰ পৰা এই প্ৰতিষ্ঠানটোৱে কাম-কাজ অব্যাহত ৰাখিছে৷ জনসাধাৰণৰ সুবিধার্থে সমগ্ৰ মহানগৰত এই সেৱা আগবঢ়াই যাব বুলি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত প্ৰতিষ্ঠানটোৰ কৰ্মকৰ্তাই জানিবলৈ দিয়ে৷