দৰং, সংবাদ ৩৬৫, ২১ জুন : দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্পৰ কাষৰ পৰা বৃহস্পতিবাৰে নিশা দৰং আৰক্ষীৰ অভিযানত আটক হয় এক দুৰ্ধৰ্ষ গঁড় চিকাৰী ৷ উদ্যান খনৰ কাষতে থকা বগৰিবাৰী চৰত দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত শ্যামপুৰ থানাৰ আৰক্ষীয়ে চলোৱা এই অভিযানত এটা ৩•৩ ৰাইফল, ১১ জাঁই গুলী সহ আটক কৰে সুৰেশ হেমৰন নামৰ গঁড় চিকাৰীক ৷
গঁড় চিকাৰীটোৰ ঘৰ সৰুপথাৰৰ ৰানীপুখুৰী গাঁৱত৷ নিশা বগৰিবাৰী চৰৰ মাজেৰে উদ্যানখনত প্ৰৱেশ কৰোতে আৰক্ষীয়ে এই চোৰাং চিকাৰীক আটক কৰে যদিও তাৰ সহযোগী আন এজন চোৰাং চিকাৰী আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে । আৰক্ষীৰ প্ৰাৰম্ভিক জেৰাত ধৃত চোৰাং চিকাৰীটোৱে চোৰাং গঁড় চিকাৰৰ লক্ষ্যৰে আন দুজন সহযোগীৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰবেশৰ পৰিকল্পনা কৰাৰ সত্যতা স্বীকাৰ কৰে। ধৃত ব্যক্তি জনক অধিক তথ্য সংগ্ৰহৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত আছে ।