গুৱাহাটী : অসম আৰক্ষীয়ে ড্ৰাগছমুক্ত অসম গঢ়াৰ বাবে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে। এফালে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰি আছে আৰু আনফালে আৰক্ষীক কেৰেপ নকৰি একাংশই ড্ৰাগছৰ বেহা চলাই থকাৰ লগতে আন একাংশই আয়োজন কৰিছে ড্ৰাগছৰ পাৰ্টি।

মহানগৰী গুৱাহাটীত ড্ৰাগছৰ পাৰ্টি আয়োজন কৰি আৰক্ষীৰ জালত পৰিল ১৮ গৰাকীকৈ পুৰুষ-মহিলা। জন্মদিন উদযাপনৰ নামত ড্ৰাগছৰ পাৰ্টিৰ আয়োজন কৰা এই ১৮ গৰাকী পুৰুষ-মহিলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে খাৰঘুলিত। ড্ৰাগছৰ পাৰ্টিৰ আয়োজন কৰা ধৃত এই ১৮ গৰাকীৰ কবলৰ পৰা আৰক্ষীয়ে বহু পৰিমাণৰ কোকেইন আৰু গাঞ্জা জব্দ কৰিছে।

লতাশিল আৰক্ষীয়ে খাৰঘুলিৰ হোটেল ৰিভেৰিয়াত নিশাৰ ভাগত অভিযান চলাই ড্ৰাগছৰ পাৰ্টিৰ আয়োজন কৰা ১৮ গৰাকীকৈ পুৰুষ-মহিলাক গ্ৰেপ্তাৰ কৰে। হোটেলখনত অমিত বৰুৱা নামৰ এজন লোকৰ জন্মদিন উদযাপনৰ নামত ড্ৰাগছৰ পাৰ্টিৰ আয়োজন কৰা হৈছিল। বহু নিশা পৰ্যন্ত হোটেলখনত পাৰ্টি চলি আছিল আৰু আৰক্ষীয়ে নিশা ১১.৩০ বজাৰ পিছত অভিযান চলাই ড্ৰাগছসহ ১৮ গৰাকী লোকক গ্ৰেপ্তাৰ কৰে।

ধৃত লোক কেইজন ক্ৰমে বিকাশ জৈন, নাছিফ আহমেদ, সুমিত কুমাৰ বেৰিয়া, চয়ন শইকীয়া, অমিত পেগু, অমিত বৰুৱা, অশোক বৰ্মন, হিৰণ্য সিনহা, ৰিদিপ বৰুৱা, সিদ্ধাৰ্থ বৰঠাকুৰ, ফাহাদ ফাৰী আলী, ৰাকেশ বৰগোহাঁই আৰু দেৱৰ্ষি বেৰিয়া৷ আৰক্ষীয়ে কেইবাগৰকী মহিলাকো গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে জন্মদিন উদযাপনৰ নামত এইসকল পুৰুষ-মহিলাই ড্ৰাগছৰ পাৰ্টিৰ আয়োজন কৰিছিল।