গুৱাহাটী : ১৮ ঘণ্টাৰ বিমান যাত্ৰাৰ পিছত গৃহভূমিলৈ অনা হ’ল ৬৩ টাকৈ কাছ। প্ৰথমবাৰৰ বাবে বিমানযোগে এইদৰে বহিঃৰাজ্যৰ পৰা অসমলৈ অনা হ’ল কাছ। পাঁচটাকৈ দুৰ্লভ প্ৰজাতিৰ এই ৬৩ টাকৈ কাছ মুকলি কৰি দিয়া হয় অসম ৰাজ্যিক চিৰিয়াখানাত।

যোৱা ১২ আগষ্ট তাৰিখে এই ৬৩ টা কাছৰ গৃহভূমি অভিমুখে বিমান যাত্ৰা আৰম্ভ হৈছিল মহাৰাষ্ট্ৰৰ পুণে চহৰৰ পৰা। পুণেৰ পৰা দিল্লী আৰু তাৰপিছত দিল্লীৰ পৰা যোৱা ১৩ আগষ্টত আহি গুৱাহাটী পায় এই কাছ কেইটা। গুৱাহাটী বিমান বন্দৰৰ পৰা এই ৬৩ টা কাছক চিৰিয়াখানালৈ অনা হয়।

১৩ আগষ্টত চিৰিয়াখানালৈ আহি পোৱাৰ পিছতে এই ৬৩ টা কাছক মুকিল কৰি দিয়া হয় চিৰিয়াখানাৰ মুকলি পৰিৱেশত। পাঁচটাকৈ দুৰ্লভ প্ৰজাতিৰ এই ৬৩ টা কাছ কেইটা কেৱল মাত্ৰ উত্তৰত পূৰ্বতে পোৱা যায়। কাছ কেইটাক অসম বন বিভাগ, অসম ৰাজ্যিক চিৰিয়াখানা আৰু টাৰটেল ছাৰ্ভাইভেল এলায়েনছৰ প্ৰচেষ্টাত অসমলৈ অনা হয়।

উত্তৰ পূবত পোৱা এই পাঁচটাকৈ দুৰ্লভ প্ৰজাতিৰ ৬৩ টা কাছক যোৱা বছৰ পুণেত উদ্ধাৰ কৰা হৈছিল। বন্যপ্ৰাণী সৰবৰাহকাৰীৰ কবলৰ পৰা পুণে বন বিভাগে যোৱা বছৰ এই কাছ কেইটাক উদ্ধাৰ কৰিছিল। কাছ কেইটা এয়াৰ ইণ্ডিয়াৰ বিমানযোগে অসমলৈ অনা হৈছে।