গুৱাহাটী

৩ জুলাই

অসম আৰক্ষীৰ গুলী নিহত হল অজিত দাস অপহৰণ কাণ্ডৰ মূল অভিযুক্ত। আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি আৰক্ষীৰ ওপৰত গুলী চালনাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলীয়াই আহত কৰে অজিত দাস অপহৰণ কাণ্ডৰ মূল অভিযুক্ত জনক। চিকিৎসালৈ নিয়াৰ পথত মৃত্যুৰ মুখত পৰে অপহৰণ কাণ্ডৰ মূল অভিযুক্ত জন।

অপৰাধীক উদ্দেশ্যি পুনৰ গুলী চালনা কৰিলে অসম আৰক্ষীয়ে। এইবাৰ আৰক্ষীৰ গুলীত নিহত হ’ল অপৰাধী। কাৰ্বি আংলং জিলাৰ দলদলি সংৰক্ষিত বনাঞ্চলৰ সমীপত আৰক্ষীয়ে গুলী চলনা কৰে মহানগৰী গুৱাহাটীৰ চাঞ্চল্যকৰ অজিত দাস অপহৰণ কাণ্ডৰ লগত জড়িত মূল অভিযুক্ত কানৱালদ্বীপ সিঙৰ ওপৰত।

জানিব পৰা মতে অজিত দাস অপহৰণ কাণ্ডৰ মূল অভিযুক্ত কানৱালদ্বীপ সিঙক আৰক্ষীয়ে কাৰ্বি আংলংৰ পৰা গ্ৰেপ্তাৰ কৰি আনি থকা সময়ত কানৱালদ্বীপ সিঙে আৰক্ষীৰ মাৰণাস্ত্ৰ কাঢ়ি আৰক্ষীৰ ওপৰত গুলী চালনাৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে কানৱালদ্বীপ সিঙক গুকীয়াই। আৰক্ষীৰ গুলীত গুৰুত্বৰভাৱে আহত হয় কানৱালদ্বীপ সিঙ।

আহত কানৱালদ্বীপ সিঙক আৰক্ষীয়ে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথত কানৱালদ্বীপ সিঙ মৃত্যুৰ মুখত পৰে। কানৱালদ্বীপ সিঙ ৰে’ল আৰক্ষীৰ ইন্সপেক্টৰ আছিল। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰৰ কালীবাৰীৰ অজিত দাস নামৰ এজন লোকৰ অপহৰণ কাণ্ডৰ মূল অভিযুক্ত আছিল কানৱালদ্বীপ সিঙ।

উল্লেখ্য যে কিছুদিন পুর্বে পল্টন বজাৰৰ কালীবাৰীৰ অজিত দাস নামৰ লোক জনৰ অপহৰণ কাণ্ডৰ লগত আৰক্ষীৰ কেইজনমান লোক জড়িত আছিল। আৰক্ষীয়ে ইতিমধ্যে এই অপহৰণ কাণ্ডৰ লগত জড়িত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে যদিও কানৱালদ্বীপ সিঙ পলাতক অৱস্থাত আছিল।