মাজুলী

৩ জুলাই

নদী দ্বীপ মাজুলীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মাজুলীত আৰক্ষীৰ ওপৰত আক্ৰমণ চলালে এজন লোকে। বাবুল হাজৰিকা নামৰ এজন লোকে দাৰে আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱাত গুৰুত্বৰভাৱে আহত হয় চাৰিজনকৈ আৰক্ষীৰ লোক। মাজুলীৰ দেওদিয়াতি গাঁৱত সংঘটিত হৈছে আৰক্ষীৰ ওপৰত এই আক্ৰমণৰ ঘটনা।

জানিব পৰা মতে, মাজুলীৰ দেওদিয়াটি গাঁৱৰ বাসিন্দা বাবুল হাজৰিকাৰ বিৰুদ্ধে গড়মূৰ আৰক্ষী চকীত এক গোচৰ ৰুজু হৈছিল। এই গোচৰৰ ভিত্তিত শুকুৰবাৰে নিশা আৰক্ষীৰ এটা দল দেওদিয়াটি গাঁৱত বাবুল হাজৰিকাৰ ঘৰত উপস্থিত হৈছিল। আৰক্ষীৰ দলটোৱে বাবুল হাজৰিকাক আটক কৰিবলৈ লোৱাত বাবুল হাজৰিকাই দাৰে আৰক্ষীৰ দলটোৰ ওপৰত আক্ৰমণ চলায়।

বাবুল হাজৰিকাৰ দাৰ আক্ৰমণত চাৰি জনকৈ আৰক্ষীৰ লোক গুৰুত্বৰভাৱে আহত হয়। দাৰ আক্ৰমণত আহত হোৱা আৰক্ষীৰ লোক কেইজন ৰাজেন মিলি, ৰূপম মিলি, মৃদুল দাস আৰু উৎপল দাস বুলি জানিব পৰা গৈছে। আহত আৰক্ষীৰ লোক সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে আক্ৰমণকাৰী বাবুল বাবুল হাজৰিকা পলাতক অৱস্থাত আছে।