কলগাছিয়া, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ : অসমৰ জৰাজীৰ্ণ পথ কোনো নতুন বিষয় হৈ থকা নাই । জৰাজীৰ্ণ পথৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হয় ৰাইজে । বৰপেটা জিলাৰ কলগাছিয়াৰ বিভিন্ন অঞ্চলৰ বাট-পথৰ দুৰৱস্থাৰ বাতৰি ধাৰাসাৰভাৱে পৰিবেশন কৰি অহা হৈছে যদিও কোনো ধৰণৰ কানসাৰ দিয়া নাই জিলা প্ৰশাসনে।

কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কলগাছিয়াৰ পৰা মোৱামাৰীলৈ যোৱা গড়কাপ্তানী পথটো বানপানীত কেইবা ঠাইত ভাঙি যোৱাৰ ফলত কাচুকাটি, মোৱামাৰী, গলিয়া আৰু কাউৰজাহী গাঁৱৰ শ শ ৰাইজে জমৰ যাতনা ভুগিব লগা হৈছে।

গড়কাপ্তানি পথটো ভাঙি ছিঙি জৰাজীৰ্ণ হৈ পৰাত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে চাৰিচকীয়া বাহনৰ চলাচল। ফলত ১০৮ এম্বুলেন্স সেৱা, অগ্নিনিৰ্বাপক বাহিনীৰ দৰে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হব লগা হৈছে উক্ত চাৰিখন গাঁৱৰ ৰাইজে। তদুপৰি গাঁও সমূহৰ শ শ ছাত্ৰ ছাত্ৰীয়েও যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হৈছে। শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে।