কলগাছিয়া, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত ইউনাইটেড এণ্টাৰপ্ৰাইজ নামৰ এটি বেচৰকাৰী সংস্থাৰ অধীনত চলা কলগাছিয়া বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। বিদ্যুৎ মাচুল সংগ্ৰহ কেন্দ্ৰত কৰ্মৰত ৩৫ জন মিটাৰ ৰিডাৰে ৭-৮ মাহে অনাদায় থকা দৰমহা আদায় দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্থ কৰে।

আব্দুল আজিজ নামৰ এজন মিটাৰ ৰিডাৰে নিজৰ প্ৰাপ্য দৰমহা বিচৰাত কৰ্মচাৰী জনক কামৰ পৰা উলিয়াই দিয়াৰ লগতে নতুন কৰ্মচাৰী নিয়োগ কৰাত প্ৰতিবাদ সাব্যস্থ কৰে। প্ৰতিবাদকাৰী কৰ্মচাৰী সকলে ইউনাইটেড এণ্টাৰপ্ৰাইজ দায়িত্বত থকা কৰ্মকর্তাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলাৰ লগতে দৰমহা আদায়ৰ দাবীত এক স্মৰকপত্ৰও প্ৰেৰণ কৰে।

এই ক্ষেত্ৰত ইউনাইটেড এণ্টাৰপ্ৰাইজে বিল উঠোৱাৰ পিছতো নিজৰ প্ৰাপ্য দৰমহা বিচাৰিলেও মিটাৰ ৰিডাৰক কামৰ পৰা উলিয়াই দিয়াৰ ভাবুকি দিয়া হয় বুলিও অভিযোগ কৰে। লগতে মিটাৰ ৰিডাৰে দিয়া ৰিডিংৰ পৰিৱৰ্তে ইউনাইটেড এণ্টাৰপ্ৰাইজৰ কৰ্মকর্তাই অধিক ৰিডিং দি বিল বনোৱাৰ গুৰুতৰ অভিযোগ তুলিছে মিটাৰ ৰিডাৰে। এই কৰ্মচাৰী সকলক প্ৰাপ্য দৰমহা আদায় নিদিলে বিদ্যুৎৰ বিল বিতৰণ নকৰাৰ লগতে নতুন কৰ্মচাৰী নিয়োগ কৰিলে আন্দোলনৰ কাৰ্যসূচী হাতত লব বুলি ভাবুকি দিয়ে।