জোনমণি বেগম

বিশ্বনাথ : সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিছে ৭৫ সংখ্যক স্বাধীনতা দিৱস। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো স্বাধীনতাৰ ৭৫ তম বৰ্ষ উদযাপন কৰি থকা সময়ত বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ‘স্বদেশ’ নামৰ এখনি হাতে লিখা প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়।

বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, সভাপতি, অতিৰিক্ত উপায়ুক্ত তথা সু-লেখক সূৰ্য কমল বৰা, সম্পাদক আৰু সহকাৰী আয়ুক্ত কংকনা শইকীয়া, ডঃ ভূপালী কাশ্যপৰ সহকাৰী সম্পাদনাত প্ৰকাশিত কৰা হৈছে প্ৰাচীৰ পত্ৰিকাখন। প্ৰাচীৰ পত্ৰিকাখনিত বিশ্বনাথ-বিহালীৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ লিখনিৰে সমৃদ্ধ কৰি বিশ্বনাথৰ স্বাধীনতা সংগ্ৰামী সত্তাক উদ্ভাসিত কৰাৰ প্ৰয়াস কৰা হৈছে।

উক্ত প্ৰাচীৰ পত্ৰিকাখনি উন্মোচন কৰে বিশ্বনাথৰ স্বাধীনতা দিৱস কাৰ্যসূচীৰ বিশিষ্ট অতিথি তথা বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত প্ৰথম বাৰৰ বাবে এনে এক প্ৰচেষ্টা হাতত লোৱা বাবে জিলা প্ৰশাসনৰ প্ৰতি গৰাকী ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক প্ৰমোদ বৰঠাকুৰে।

‘স্বদেশ’ নাম প্ৰাচীৰ পত্ৰিকাখন সম্পাদনাত পূৰ্ণ সহযোগ আগবঢ়াইছে বিশ্বনাথ শিক্ষা খণ্ড সমল শিক্ষক অঞ্জন বৰা, মনীষ কলিতা, চাৰু কমল নেওঁগ, চিদানন্দ দাস, নিৰঞ্জন শৰ্মা আৰু হৰেণ সৰ্গীয়াৰীয়ে। বিশেষকৈ প্ৰাচীৰ পত্ৰিকাখনিত বেটুপাত অংকন কৰা জাগৃতি বৰুৱা আৰু ৰঞ্জিত কাকতিৰ সুন্দৰ প্ৰচ্ছেদ অংকনেৰ বিশ্বনাথৰ মঠ-মন্দিৰ আৰু সমাজ জীৱন চিত্ৰ সুন্দৰভাৱে উপস্থাপন হোৱাত বৌদ্ধিক মহলে সন্তোষ প্ৰকাশ কৰাৰ লগতে ইয়াৰ ধাৰাবাহিকতা প্ৰকাশৰ ওপৰত মত প্ৰকাশ কৰে।