আজিজ আলী

মুকালমুৱা : মুকালমুৱাৰ মুক্তিযুঁজাৰু ৰত্নেশ্বৰ মেধিৰ পৰিয়ালৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা৷ নলবাৰী জিলাৰ বিহগী কবি ৰঘুনাথ চৌধুৰীৰ জন্ম গাঁও লাওপাৰাৰ মুক্তিযুঁজাৰু ৰত্নেশ্বৰ মেধিৰ পৰিয়ালৰ আৰ্থিক অৱস্থা অতিকৈ শোচনীয় হৈ পৰাত পৰিয়ালটোৰ বাবে জীৱন চলাই নিয়াটো অসম্ভৱ হৈ পৰিছে।

প্ৰয়াত ৰত্নেশ্বৰ মেধিয়ে মুক্তিযুঁজাৰু স্বীকৃতি লাভৰ পিছৰে পৰা মৃত্যু পৰ্যন্ত লাভ কৰিছিল পেঞ্চন কিন্তু মুক্তিযুঁজাৰু গৰাকীৰ মৃত্যুৰ পিছৰে পৰা পৰিয়ালটোৱে আজিলৈকে নাপালে কোনো চৰকাৰী সাহাৰ্য্য। মুক্তিযুঁজাৰু গৰাকীৰ মৃত্যুৰ পিছতে জ্যেষ্ঠ আৰু কণিষ্ঠ পুত্ৰ ক্ৰমে হৰেন মেধি আৰু শ্ৰীমান মেধি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ উন্নত চিকিৎসাৰ অভাৱত মৃত্যু ঘটিছে।

এতিয়া মুক্তিযুঁজাৰু গৰাকীৰ দ্বিতীয় পুত্ৰ বিশ্বেশ্বৰ মেধিৰো পানীত হাঁহ নচৰা অৱস্থা। গাড়ীত হেণ্ডিমেন কৰি মুক্তিযুঁজাৰু গৰাকীৰ দ্বিতীয় পুত্ৰ বিশ্বেশ্বৰ মেধি পৰিয়াল পোহপাল দি আছিল যদিও এতিয়া হাজিৰা নকৰিলে খাবলৈ নোযোৰে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনিয়াই জুৰুলা কৰা পৰিয়ালটোক।

দেশবাসীয়ে আজি ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে যদিও এগৰাকী মুক্তিযুঁজাৰুৰ পৰিয়ালে দুবেলা দুমুঠিৰ বাবে সংগ্রাম কৰিব লগীয়া হৈছে। মুক্তিযুঁজাৰু ৰত্নেশ্বৰ মেধিৰ পুত্ৰৰ পৰিয়ালটোৱে আৰ্থিক সাহাৰ্য্যৰ বাবে বহু চেষ্টা চলাই, গাঁঠিৰ ধন ভাঙিও কোনো ধৰণৰ সুফল নাপাই সম্পূৰ্ণৰূপে ভাঙি পৰিছে।