গুৱাহাটী, সংবাদ ৩৬৫, ২ ছেপ্টেম্বৰ : জে এম চি এইচত চিকিৎসকৰ ২৪ ঘন্টাজোৰা প্ৰতিবাদ । বন্ধ চিকিৎসালয়খনৰ অ পি ডি । চিকিৎসা নাপাই উভতি গৈছে ৰোগী । টীয়ক চাহ বাগিচাত ৩১ আগষ্টত বয়োজ্যেষ্ঠ চিকিৎসক দেবেন দত্তক নিৰ্মমভাৱে হত্যা কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে ।
ইফালে ৩ ছেপ্টেম্বৰত দিল্লীৰ পৰা উক্ত ঘটনাৰ সন্দৰ্ভত বুজ লবলৈ ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ এটা দল আহিব ৰাষ্ট্ৰীয় সভাপতি ডা০ শান্তনু সেনৰ নেতৃত্বত ।
উল্লেখযোগ্য যে সত্তৰোৰ্ধ্বৰ ডা০ দেবেন দত্তই অৱসৰ গ্ৰহণ কৰাৰ পাছত মানৱ সেৱাৰ অৰ্থেই টীয়ক চাহ বাগিচাত যোগদান কৰিছিল । ৩১ আগষ্টৰ আবেলিলৈ চাহ বাগিচাখনৰে চমৰা মাঝী নামৰ যুৱক এজনক উচ্চ ৰক্তচাপত ভোগাত পৰিয়ালে লৈ আহিছিল চিকিৎসালয়খনলৈ। যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সময়ত চিকিৎসকগৰাকী চিকিৎসালয়ত নাছিল আৰু পাছত যুৱকজনৰ বাতৰি পাই চিকিৎসালয়খনলৈ খৰখেদাকৈ আহিছিল ডা০ দত্ত। যুৱকজনক তেওঁ পৰীক্ষা কৰি এটা বেজি দিয়ে যদিও দুৰ্ভাগ্যবশত যুৱকজনৰ মৃত্যু হয় । ইয়াৰ পাছতেই উক্ত ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হ’ল অপ্ৰীতিকৰ পৰিস্থিতিৰ ।
প্ৰহাৰ কৰা হ’ল চিকিৎসকগৰাকীক যাৰ বাবে সংজ্ঞা হেৰুৱাই তেখেত পৰি গৈছিল । তেওঁক চিকিৎসালয়লৈ নিবৰ বাবে ১০৮ অহা স্বত্বেও উত্তেজিত চাহ শ্ৰমিকে চিকিৎসালয়লৈ নিয়াত বাধা প্ৰদান কৰে । তেনে অৱস্থাতেই তেখেতক ভগা আইনাৰে ভৰিত আঘাত কৰা হয় যাৰ ফলত ভৰিৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হয় । এইবোৰৰ মাজতেই চিকিৎসক গৰাকীয়ে তেখেতৰ কোনো ভুল নাই বুলি বাৰে বাৰে কৈছিল। কিন্তু তেওঁৰ কথাক গুৰুত্ব নিদি একাংশই অধিক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে যাৰ ফলত প্ৰাণ হেৰুৱাব লগা হ’ল চিকিৎসকগৰাকীয়ে ।
ঘটনাস্থলীত আৰক্ষী পলমকৈ উপস্থিত হৈছিল যদিও আৰক্ষীকো প্ৰহাৰ কৰে উত্তেজিত জনতাই । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ক্ৰমে ৰিংকু মাঝি, সুৰেশ ৰাজোৱাৰ, সঞ্জীৱ ৰাজোৱাৰ, বাবলু ৰাজোৱাৰ, সঞ্জু মাঝি, সোণটো মাঝি, ৰামু গোৱালা, মুকুল ৰাজোৱাৰ, মিলন ৰাজোৱাৰ, বিজয় ৰাজোৱাৰ, সঞ্জয় মাঝি, দেৱেশ্বৰ ৰাজোৱাৰ, দীপক ৰাজোৱাৰ, অনিল মাঝি, সুনীল মাঝি, শিৱ মাহিলী, হৰি মাঝি, টিংকু মাঝি, উপেন্দ্ৰ ভূমিজ।
ৰাজ্যত চিকিৎসকক কৰা এনে আক্ৰমণৰ ঘটনা নতুন নহয় । যিসকল চিকিৎসকে ৰাইজক মৃত্যুৰ মুখৰ পৰা তুলি নতুন জীৱন প্ৰদান কৰে , একাংশ জনতাই চিকিৎসকক ভগৱান ৰূপে মানে তেনে চিকিৎসককে একাংশই হত্যা কৰে অতি বৰ্বৰভাৱে । ৰাজ্যত বহু কেইটা এনেধৰণৰ ঘটনা হৈ গৈছে । সকলোবোৰ দেখিও চকু মুদা কুলিৰ ভাৱত আছে চৰকাৰ , প্ৰশাসন । যেন তেওঁলোকৰ কোনো দায়িত্ব নাই এইক্ষেত্ৰত ।
যিটো সময়ত একাংশ সমাজৰ কামত নিয়োজিত কৰ্মীকে চৰকাৰে সুৰক্ষা দিব পৰা নাই তেনেস্থলত সাধাৰণ নাগৰিকে সুৰক্ষা অনুভৱ কৰিব কেনেকৈ। কাৰণ এই সুৰক্ষা কেৱল মাত্ৰ স্বাস্থ্য কর্মীৰ বাবেই নহয় এই সুৰক্ষা সাধাৰণ জনতাৰ বাবেও ।