গুৱাহাটীৰ, সংবাদ ৩৬৫, ১ ছেপ্টেম্বৰ : কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰ্ক আৰু আলোচনা চক্ৰ বিভাগৰ দ্বাৰা আয়োজিত মাণিক চন্দ্ৰ বৰুৱা সোঁৱৰণি ৰাষ্ট্ৰীয় পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতা খনি প্ৰতি প্ৰতি বছৰৰ দৰে এইবাৰো ৭ ছেপ্টেম্বৰ(শনিবাৰে) আয়োজন কৰা হৈছে।

উল্লেখযোগ্য যে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ডঃ অনুপমা ৰয়ৰ অধ্যক্ষতাত অনুষ্ঠিত হব লগা তৰ্ক প্ৰতিযোগিতা খনিৰ এইবাৰৰ বিষয় হৈছে “Democracy in India has been ineffectual in ensuring the independence of public institutions” . প্ৰতিযোগিতাত অসমৰ লগতে অসমৰ বাহিৰৰ ১৬ খন আগশাৰীৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহন কৰিব।

পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হব লগা প্ৰতিযোগিতা খনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব গুৱাহাটী উচ্চ ন্যায়লয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ লগতে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য।

সম্পূৰ্ণ ইংৰাজী মাধ্যমত অনুষ্ঠিত হব লগা প্ৰতিযোগিতা খনিৰ সবিশেষ জানিবলৈ ৯১০১০৪৫৬২৩ ,৭০০২৬০৭৯১৫ নম্বৰত যোগাযোগ কৰিব পাৰিব। বিশেষ এই এইবাৰৰ তৰ্ক প্ৰতিযোগিতা খনি কটন বিশ্ববিদ্যালয় এলামনাই ভৱনৰ সন্মুখত অনুষ্ঠিত হব বুলি জনাইছে তৰ্ক আৰু আলোচনা চক্ৰ বিভাগৰ সম্পাদক হীৰকজ্যোতি ডেকাই।