গুৱাহাটী, সংবাদ ৩৬৫, ২ ছেপ্টেম্বৰ : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকলৈ তীব্ৰ অসন্তুষ্টি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ । সোমবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি পৰিষদে কয় যে অসমৰ খিলঞ্জীয়া ৰাইজৰ বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়ে যেনেদৰে আশাৰ বতৰা কঢ়িয়াই আনিব বুলি ভবা হৈছিল তেনেদৰে একো নহ’ল । নাগৰিক পঞ্জীখনত প্ৰকাশ পোৱা বাদ পৰা লোকৰ সংখ্যা তেনেই হতাশজনক । কাৰণ তাত খিলঞ্জীয়া লোকৰ নামো অন্তৰ্ভুক্ত হৈ আছে। এই তালিকাৰ পৰা খিলঞ্জীয়া লোকক বাদ দিলে অবৈধ বিদেশীৰ সংখ্যা তেনেই নগন্য হৈ পৰিব ।

পৰিষদে কয় যে ভূমিপুত্ৰই বিদেশী ন্যায়াধিকৰণৰ কাষ চাপিবলগীয়া হোৱাটো অপমানজনক। এই অপমান সহ্য কৰি নাথাকো । প্ৰয়োজন সাপেক্ষে উচ্চতম ন্যায়ালয়ৰ দুৱাৰত টুকুৰিয়াম।

অসমৰ অন্যান্য খিলঞ্জীয়াসহ অসমৰ ইছলাম ধৰ্মী খিলঞ্জীয়া গৰিয়া, মৰিয়া ,দেশী আদি জনগোষ্ঠীৰ লোকসমূহ অসমৰ ঠায়ে ঠায়ে কম বেছি পৰিমাণে বাদ পৰা তালিকাত অন্তৰ্ভুক্ত হৈছে বুলি সংবাদমেলত জানিবলৈ দিয়ে পৰিষদটোৱে । তেওঁলোকে কয় যে অসমত ভূমিপুত্ৰসকলৰ পৰা ধৰ্মান্তৰিত এই ইছলামধৰ্মী ভূমিপুত্ৰসকলক প্ৰব্ৰজনকাৰী মুছলমানৰ সৈতে একাকাৰ কৰি এনেদৰে ষড়যন্ত্ৰ ৰচনা কৰা হ’ল ,য’ত ঐতিহ্যমণ্ডিত উজনি অসমৰ খিলঞ্জীয়াও বাদ পৰি নগ’ল ।

ইয়াৰোপৰি পৰিষদটোৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত আবেদন নকৰাকৈ প্ৰব্ৰজনকাৰী বসতিপ্ৰধান অঞ্চলসমূহত আত্মগোপন কৰি থাকিব পৰা বিদেশীক বিচাৰি উলিয়াবলৈ উক্ত সন্দেহযুক্ত অঞ্চলসমূহত বিশেষ অভিযান চলাবলৈ চৰকাৰক দাবী জনায়।