আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰৰ : কাছাৰৰ অসম-মিজোৰাম সীমান্তৰ ঘটনাকলৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য। মিজো আৰক্ষীয়ে অসম আৰক্ষীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে বৰাক উপত্যকাৰ লগতে সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

অসম মিজোৰাম সীমান্তত ছয় জনকৈ শ্বহীদ হোৱা অসম আৰক্ষীৰ জোৱানলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গভীৰ শোক প্ৰকাশ কৰি এক বিক্ষোভ প্ৰদৰ্শন কার্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উত্তৰ পূব ভ্রমণৰ পিছতেই এনে বর্বৰ ঘটনা সংঘটিত হোৱাটো অতি পৰিতাপৰ বিষয় বুলি কয় প্ৰতিবাদকাৰী সকলে।

আনহাতে “যদি কেন্দ্ৰই কয় তেন্তে গুৱাহাটী আৰু নলবাৰীকো মিজোৰামক দিবলৈ সাজু” বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিছে তাৰ তীব্ৰ বিৰোধিতা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰী সকলে। অসমৰ জাতি, মাটি, ভেটিৰ নিৰাপত্তা দিব নোৱাৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ধিক্কাৰ দি অনতি পলমে অসম-মিজোৰাম সীমান্তৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।

ইয়াৰ লগতে অসমৰ আন্ত:ৰাজ্যিক সীমা বিবাদৰ সমস্যাৰও স্থায়ী সমাধান কৰিবলৈ দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে। প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। উল্লেখ্য যে সোমবাৰে মিজো আৰক্ষীৰ গুলীত কাছাৰৰ লাইলাপুৰত অসম আৰক্ষীৰ ছায় জনকৈ জোৱান শ্বহীদ হৈছিল।