মানকাচৰ : মানকাচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযান। অভিজানকাৰী আৰক্ষী আৰু চিআৰপিএফৰ দলটোৱে ভাৰত-বাংলাদেশ সীমান্তৰ জোৰডাঙ্গাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ড্ৰাগছৰ অবৈধ বেহা সম্পূৰ্ণৰূপে বন্ধ কৰি জিলাখনক ড্ৰাগছ মুক্ত কৰাৰ বাবে অধিক কঠোৰ হৈছে জিলা আৰক্ষী।

এক গোপন খবৰৰ ভিত্তিত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ জোৰডাঙ্গা গাঁৱত বুধবাৰে পুৱতি নিশা আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে ড্ৰাগছৰ বিৰুদ্ধে যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।মানকাচৰ থানাৰ অন্তৰ্গত জোৰডাঙ্গা ২য় খণ্ড গাঁৱত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায়ৰ নেতৃত্বত আৰক্ষীৰ দল এটা মানকাচৰ কামাখ্যাবাৰী ৪৮ এ নম্বৰ বেটেলিয়ানৰ চিআৰপিএফৰ সহযোগত পুৱতি নিশা প্ৰায় ৪ বজাত যৌথভাৱে অভিযান চলায়।

অভিযানকাৰী দলটোৱে গোপন খবৰৰ ভিত্তিত গাঁৱখনৰ প্ৰয়াত আমজাদ হুছেইনৰ পুত্ৰ মনিৰুল ইছলামৰ ঘৰৰ পৰা ২২০০ টা ডব্লিউ ওৱাই নামৰ নিচাজাতীয় যুৱা টেবলেট জব্দ কৰে। নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী মনিৰুল ইছলামক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে ড্ৰাগছ সৰবৰাহকাৰী মনিৰুল ইছলামক আদালতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা হাতত লৈছে বুলি মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায় জানিবলৈ দিয়ে।