জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত চতিয়াৰ বকৰাপট্টাত দলং নিৰ্মাণৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে দলং নিৰ্মাণৰ দাবীত ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। চতিয়াৰ বকৰাপট্টা অঞ্চলত কেইবাখনো দলংৰ অৱস্থা অতি জৰাজীৰ্ণ।

এই অঞ্চলতে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে টৌৰে বিদ্যালয়লৈ যোৱাৰ বাতৰি কিছু বছৰৰ পুর্বে প্ৰকাশ পাইছিল। এই বাতৰি প্ৰকাশ পোৱাৰ পিছত ব্যাপক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছিল যদিও আজিও এই অঞ্চলত নিৰ্মাণ নহ’ল এখন দলং।

এই অঞ্চলত যিসমূহ দলং আছে সেই দলং সমূহ বৰ্তমান পৰিণত হৈছে মৰণ ফাণ্ডলৈ। যাৰ বাবে এই দলং কেইখনৰ ওপৰেদি প্ৰতিদিনে যাতায়াত কৰা হাজাৰ হাজাৰ লোকৰ লগতে ছাত্ৰ-ছাত্ৰী সকলেও দুৰ্ভোগ ভুগিব লগা হৈছে। তথাপি কিন্তু জনপ্ৰতিনিধি সকলে আজি পৰ্যন্ত চকু মেলি নাচালে এই অঞ্চলৰ ৰাইজক।

অৱশেষত অতিষ্ঠ হৈ দলং নিৰ্মাণৰ দাবীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। দলং নিৰ্মাণৰ দাৱীত ৰূপায়ন কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক নাজিৰ আহমেদ, বিশ্বনাথ জিলা সমিতিৰ সভাপতি আলহাজ আব্দুল হাকিম চিকদাৰসহ বহু লোক।