হাইলাকান্দিৰ : আৰক্ষীয়ে ধৰিছে বিধায়কে মুকলি কৰি দিয়াৰ বাবে আৰক্ষীক হেঁচা প্ৰয়োগ কৰিছে। আৰক্ষীয়ে নিশা অভিযান চলাই আটক কৰি আনে থানালৈ, বিধায়কে পুৱা থানাত উপস্থিত হৈ মুকলি কৰি আনে মাটিৰ দালালক। হাইলাকান্দি জিলাৰ আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ হেঁচাত আৰক্ষীয়ে মুকলি কৰি দিবলৈ বাধ্য হ’ল আটক কৰা দুই দালালক।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে আৰম্ভ হৈছে আৰক্ষীৰ অভিযান। সোমবাৰে নিশাৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই শেহতীয়া তথ্য অনুসৰি ৫২০ জন মাটিৰ দালালক আটক কৰে। মাটিৰ এই দালাল সকলৰ ভিতৰত আছে হাইলাকান্দি জিলাৰ ১২ জনকৈ দালাল।

হাইলাকান্দি জিলা আৰক্ষীয়ে আটক কৰা ১২ জন মাটিৰ দালালৰ ভিতৰত আলগাপুৰ থানা এলেকাৰ পৰা আটক কৰা হৈছিল ৪ জন দালালক। এই ৪ জন দালালৰ ভিতৰত আছিল ছৰফ উদ্দিন বড়ভূঞা নামৰ এজন পঞ্চায়ত প্ৰতিনিধিও। নিশা এই মাটিৰ দালাল সকলক আটক কৰি থানাত ৰখাক কেন্দ্ৰ কৰি ৰাতিপুৱাৰে পৰা আলগাপুৰত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ।

আলগাপুৰত একাংশ স্থানীয় লোকে মাটিৰ দালালৰ পৰিবৰ্তে আৰক্ষীয়ে নিৰ্দোষী লোকক আটক কৰি থানালৈ অনাৰ অভিযোগ উত্থাপন কৰি আলগাপুৰ আৰক্ষী চকী ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজে প্ৰতিবাদক সমৰ্থন জনাই ওলাই আহে আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰী।

বিধায়ক গৰাকী থানাত উপস্থিত হৈ কৰ্তব্যৰত আৰক্ষী বিষয়া সকলক মাটিৰ দালালৰ অভিযোগত আটক কৰা লোক সকলক মুকলি কৰি দিয়াৰ বাবে তীব্ৰ হেঁচা প্ৰয়োগ কৰে। অবশেষত আলগাপুৰ আৰক্ষীয়ে বিধায়কৰ হেঁচাত ছৰফ উদ্দিন বড়ভূঞা আৰু আনোয়াৰ উদ্দিন লস্কৰ নামৰ দুজনক মুকলি কৰি দিয়ে।

ছৰফ উদ্দিন বড়ভূঞা আৰু আনোয়াৰ উদ্দিন লস্কৰক আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছতে দেখিবলৈ পোৱা যায় এক আজব পৰিৱেশ। ছৰফ উদ্দিন বড়ভূঞা আৰু আনোয়াৰ উদ্দিন লস্কৰক ম‍ালা পিন্ধাই, ফটকা ফুটাই লৈ যোৱা হয় বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ বাসগৃহত। তাতে স্বয়ং বিধায়কে আদৰণি জনায় দুয়োজনকে।