গুৱাহাটী, ৩০ নৱেম্বৰ, ২০২৪ : উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে শুকুৰবাৰে নিজ চৌহদত চাৰিগৰাকী ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটাপ্ৰাপকক সন্মান (Felicitation) জনোৱাৰ উদ্দেশ্যে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ দুগ্ধ খণ্ডক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে প্ৰদৰ্শন কৰা নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু অটল প্ৰতিশ্ৰুতিক স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখযোগ্য যে, চাৰিওগৰাকী বঁটাপ্ৰাপক পূৰবী ডেইৰীৰ সৈতে সংযুক্ত, যিয়ে নিজৰ বিস্তৃতি আৰু পদক্ষেপৰ জৰিয়তে সমগ্ৰ অসমৰ দুগ্ধ উৎপাদকসকলক অবিৰতভাৱে সমৰ্থন প্ৰদান আৰু শক্তিশালী কৰি আহিছে।
পশুপালন আৰু দুগ্ধ উদ্যোগৰ ক্ষেত্ৰত দেশৰ অন্যতম সৰ্বোচ্চ বঁটা ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা (এনজিআৰএ) অসমৰ দুগৰাকী উৎপাদক, এগৰাকী ‘এ আই টেকনিচিয়ান’ আৰু এখন দুগ্ধ সমবায়ক প্ৰদান কৰা হয়। যোৱা ২৬ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপনৰ অংশ হিচাপে নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙ ওৰফে লালন সিঙে অধ্যাপক এছ পি সিং বাঘেল আৰু মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী জৰ্জ কুৰিয়ানৰ উপস্থিতিত এই বঁটা প্ৰদান কৰে। বজালীৰ দুগ্ধ উৎপাদক জুনা তামুলী বৰ্মন আৰু মৰিগাঁৱৰ জুনুমা মালীয়ে বিশেষ উত্তৰ-পূব শ্ৰেণীৰ অধীনত থলুৱা প্ৰজাতিৰ গৰু/ম’হ পালনকাৰী শ্ৰেষ্ঠ দুগ্ধ উৎপাদকৰ খিতাপ লাভ কৰে।
আনহাতে, কামৰূপৰ মহম্মদ আব্দুৰ ৰহিমে বিশেষ উত্তৰ-পূব শ্ৰেণীৰ অধীনত শ্ৰেষ্ঠ কৃত্ৰিম প্ৰজনন টেক্নিচিয়ান (এ আই টি) বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ বজালীৰ নিত্যানন্দস্থিত কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডে বিশেষ উত্তৰ-পূব শ্ৰেণীৰ অধীনত শ্ৰেষ্ঠ দুগ্ধ সমবায় বঁটা লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, এই দুগ্ধ উৎপাদকসকল আৰু দুগ্ধ সমবায় সমিতিখন পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেড (ৱামুল)ৰ সৈতে জড়িত।
ড° ভাৰ্গিজ কুৰিয়েনৰ নেতৃত্বত আৰম্ভ হোৱা এন ডি ডি বিৰ অপাৰেচন ফ্লাড কাৰ্যসূচীৰ এক অংশ হিচাপে ৱামুল প্ৰকল্প বৰ্তমান গৌৰৱৰ সোণোৱালী বাটেৰে অগ্ৰসৰ হৈছে। তেওঁৰ জন্মদিনত এই প্ৰসিদ্ধ সমবায় মডেলটোৰ সফলতা উদযাপন কৰাৰ লগতে শ্ৰেষ্ঠ পুৰস্কাৰপ্ৰাপ্তসকলক ‘পূৰবী’ ব্ৰেণ্ডৰ নামেৰে সৰ্বপৰিচিত সমবায় ৱামুলৰ অংশীদাৰ কৰি তোলাতোৱেই হ’ল তেওঁলৈ আগবঢ়াব পৰা সৰ্বোত্তম উপহাৰ।কেইমাহমান আগতে, অসমত দুগ্ধ খণ্ডৰ পৰিৱৰ্তনত নিষ্ঠা আৰু দৃঢ়তাৰ উদাহৰণ দাঙি ধৰা দুগ্ধ উৎপাদকসকলৰ সফলতাৰ কাহিনী প্ৰচাৰৰ উদ্দেশ্যে ৱামুলে চলাই অহা প্ৰচেষ্টাৰ অংশ হিচাপে জুনুমা মালীৰ প্ৰেৰণাদায়ক যাত্ৰাটো পূৰবী ডেইৰীৰ ভিডিঅ’ তথ্যচিত্ৰ শৃংখলাত প্ৰদৰ্শিত হৈছিল।
বঁটাপ্ৰাপকসকলৰ সফলতা সন্দৰ্ভত ৱামুলৰ পৰিচালন সঞ্চালক এছ কে পৰিদাই কয়, “এই বঁটাসমূহ হৈছে আমাৰ দুগ্ধ উৎপাদক আৰু টেকনিচিয়ানসকলৰ অটল নিষ্ঠা তথা কঠোৰ পৰিশ্ৰমৰ ফল। ৱামুলৰ সৈতে সংযোজিত হৈ থকা গাখীৰ ক্ৰয় বিষয়া (এম পি অ’), ১৫ গৰাকী পশু চিকিৎসা কাৰ্যবাহী (ভি ই), খাদ্য আৰু পশুখাদ্য বিশেষজ্ঞৰ লগতে ৩৮০ৰো অধিক মোবাইল এ আই টেকনিচিয়ানৰ (এম এ আই টি) এটা শক্তিশালী দলে উৎপাদক আৰু সমবায়সমূহক নিৰন্তৰ সমৰ্থন আগবঢ়াই আহিছে। দুগ্ধ খণ্ডত এনে উৎকৃষ্টতা আৰু উদ্ভাৱনী ক্ষমতা ৰক্ষা কৰিবলৈ ৱামুল চিৰপ্ৰতিশ্ৰুতিবদ্ধ। মই অধিকসংখ্যক উৎপাদক আৰু সমবায়ক আমাৰ সৈতে সংযোজিত হ’বলৈ অনুৰোধ কৰিছোঁ, যাতে আমি সকলোৱে একেলগে মিলি অসমত এক স্থিতিস্থাপক আৰু সমৃদ্ধ দুগ্ধ পৰিৱেশতন্ত্ৰ গঢ়ি তুলিব পাৰোঁ।”
কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ অধীনত পশুপালন আৰু দুগ্ধ বিভাগে গৰুৰ প্ৰজনন আৰু দুগ্ধ উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অধীনত ‘ৰাষ্ট্ৰীয় গোকুল মিছন’ আৰম্ভ কৰিছিল। ২ লাখ টকাৰ নগদ ধনৰ লগতে প্ৰমাণ পত্ৰ আৰু স্মৃতিচিহ্ন অন্তৰ্ভুক্ত হৈ থকা চাৰিওটা বঁটা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক বিশেষ স্বীকৃতি। মন কৰিবলগীয়া যে, মুঠ ২৫৭৪ গৰাকী আবেদনকাৰীৰ মাজৰ পৰা এই বিজয়ীসকলক নিৰ্বাচিত কৰা হয়।