গুৱাহাটী : অসমৰ ১৪ হাজাৰৰো অধিক দুগ্ধ খেতিয়কৰ এক সংঘ “পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড”ৰ মালিকানাধীন ব্ৰেণ্ড পুৰবী ব্ৰেণ্ডৰ অধীনত অধিক সংখ্যক কৃষকক আনুষ্ঠানিক দুগ্ধ সংস্থাপনলৈ আহিবলৈ উৎসাহিত কৰাৰ বাবে মুখ্যতঃ এপিএআৰটৰ অধীনত এক প্ৰচেষ্টা হিচাপে এটা এফএম ৰেডিঅ’ অভিযান আৰম্ভ কৰা হৈছে। বিশ্ব বেংকৰ পুঁজিযুক্ত অসম চৰকাৰৰ এপিএআৰটি প্ৰকল্পৰ অধীনত আনুষ্ঠানিক দুগ্ধ মূল্য শৃংখলাৰ অন্তিম ৰূপায়ণকাৰী সংস্থা হিচাপে, পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড, অসমৰ সৰ্ববৃহৎ দুগ্ধ সমবায়ে এই অভিযানটো তৈয়াৰ কৰি আছে। পুৰবী ডেইৰীয়ে ইয়াৰ দুগ্ধ খেতিয়কসকলৰ সৈতে বজাই ৰখা সদিচ্ছা আৰু বিশ্বাসৰ ওপৰত আধাৰিত কৰি সম্পৰ্কটো শক্তিশালী কৰিবলৈ এই ৰেডিঅ’ অভিযান আৰম্ভ কৰিছে। 

এই অভিযানৰ জৰিয়তে, দুগ্ধ সমবায়ৰ লক্ষ্য হৈছে সমগ্ৰ ৰাজ্যত অধিক দুগ্ধজাত খেতিয়কৰ সৈতে সংযোগ স্থাপন কৰা। লগতে বিশ্ব বেংকে কেনেদৰে অসম চৰকাৰৰ এপিএআৰটি প্ৰকল্পৰ বাবে বিত্তীয় যোগান ধৰে, কৃষকসকলক আত্মনিৰ্ভৰশীলতা প্ৰাপ্ত কৰাত সহায় কৰে, নিযুক্তি সৃষ্টি কৰে আৰু তেওঁলোকক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে এক সম্প্ৰসাৰিত বজাৰ প্ৰদান কৰে এই তথ্যসমূহৰ ওপৰত আলোকপাত কৰা। নতুন অভিযানটোৱে পুৰবী ডেইৰীৰ ব্ৰেণ্ড পৰিচয়ক ‘পুৰবী ডেইৰী: অসমৰ সোৱাদ’ টেগলাইনৰ সৈতে শক্তিশালী কৰে। পুৰবী ডেইৰীয়ে তিনিটা ৰেডিঅ’ জিংগলৰ সৃষ্টি কৰিছে যিয়ে এক ইতিবাচক ব্ৰেণ্ড সজাগতা সৃষ্টি কৰে আৰু দুগ্ধ পালনৰ সৈতে জড়িত কৃষকসকলৰ বাবে আশাব্যঞ্জক ভৱিষ্যতৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পুৰবী ডেইৰীয়ে বৰ্তমান এপিএআৰটি প্ৰকল্পৰ অধীনত প্ৰাপ্ত সমৰ্থনৰ জৰিয়তে ইয়াৰ প্ৰক্ৰিয়াকৰণ ক্ষমতা বৃদ্ধি কৰিবলৈ ইয়াৰ কাৰখানাৰ আন্তঃগাঁথনি সম্প্ৰসাৰিত কৰি আছে।

প্ৰথম জিংগলটোত, এজন কৃষকে বৰ্ণনা কৰিছে যে কেনেকৈ তেওঁ তেওঁৰ গাঁৱৰ মাত্ৰ কেইটামান ঘৰত গাখীৰ বিক্ৰী কৰি কম মূল্য উপাৰ্জন কৰিছিল। তাৰ পিছত তেওঁ পুৰবী ডেইৰীৰ সৈতে সংযোগ স্থাপন কৰিছিল, যিয়ে তেওঁক গাখীৰ উৎপাদন বৃদ্ধি কৰাৰ পথ দেখুৱাইছিল আৰু লগতে তেওঁক লাভজনক মূল্যত উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ বাবে এখন বজাৰ আগবঢ়াইছিল। জিংগলটোৰ শেষত তেওঁ দুটা কাৰণত আনন্দ প্ৰকাশ কৰে, পুৰবী ডেইৰীয়ে তেওঁক বিত্তীয় স্বতন্ত্ৰতা প্ৰাপ্ত কৰাত সহায় কৰে আৰু তেওঁক পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডক গাখীৰ বিক্ৰী কৰিবলৈ সক্ষম কৰে, যি পূৰবী ব্ৰেণ্ড নামৰ অধীনত নাগৰিকসকলক গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী প্ৰক্ৰিয়াকৰণ আৰু বিক্ৰী কৰে। দ্বিতীয় জিংগলটোৰ আৰম্ভনিত স্বামী এজনে গুৱাহাটীৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত তেওঁৰ পত্নিক এগিলাচ পানী বিচাৰে, যাৰ উত্তৰত পত্নিয়ে তেওঁক তেওঁৰ সুখৰ কাৰণ সুধে। স্বামীজনে তেতিয়া ব্যাখ্যা কৰে যে গুৱাহাটীৰ বজাৰবোৰ পুৰবী ব্ৰেণ্ডেড গাখীৰ আৰু দুগ্ধ সামগ্ৰীৰে পৰিপূৰ্ণ, যি তেওঁৰ দৰে বহুতো কৃষকৰ পৰাই সংগ্ৰহ কৰা। আগতে তেওঁৰ গাঁৱৰ ভিতৰত গাখীৰৰ চাহিদাৰ অভাৱৰ দিনবোৰ পিছপেলাই, তেওঁ এতিয়া পুৰবী ডেইৰীৰ সৈতে এক শ্বেত বিপ্লৱৰ অংশ হ’বলৈ পাই উৎফুল্লিত হৈছে। এই আনন্দতেই তেওঁ পত্নিক একাপ গাখীৰ চাহ বিচাৰি জিংগলটোৰ সামৰণি পেলায়।

অভিযানৰ তৃতীয় জিংগলটোৱে এনে এখন অসম গঢ়ি তোলাত পুৰবী ডেইৰীৰ অৱদানৰ ওপৰত আলোকপাত কৰে যি কেৱল স্বাৱলম্বী নহয়, লগতে নিযুক্তি সৃষ্টিৰ ক্ষেত্ৰতো অৰিহণা যোগায়। জিংগলটোৰ আৰম্ভনিত এজন স্বামীয়ে কয় যে তেওঁলোকৰ চুবুৰীয়াৰ পুত্ৰই কোম্পানীৰ চাকৰিৰ পৰা পদত্যাগ কৰি ঘৰলৈ উভতি আহিছে। উত্তৰত পত্নীয়ে কয় যে তেওঁ সময়ৰ লগত খোজ মিলাই স্বাৱলম্বী হোৱাৰ দিশে আগবাঢ়িছে। তেওঁ কয় যে লৰাজনে ঘৰত দুগ্ধ পাম স্থাপন কৰি উৎপাদিত সামগ্ৰীবোৰ (দুগ্ধ সমবায় সমিতিৰ জৰিয়তে) পুৰবী ডেইৰীক সঠিক মূল্যত বিক্ৰী কৰি আছে। লগতে তেওঁ গাঁওখনৰ দুজন যুৱকক তেওঁৰ দুগ্ধ পামত নিযুক্তি দিবলৈও সক্ষম হৈছে। পুৰবী ডেইৰীৰ সহযোগিতাৰ জতিয়তে আন শিক্ষিত যুৱক-যুৱতীসকলেও কেনেকৈ নিজৰ চহৰ বা গাঁও এৰি নোযোৱাকৈ এক বহনক্ষম জীৱিকা সৃষ্টি কৰিবলৈ সক্ষম হ’ব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি জিংগলটোৰ সমাপ্তি ঘটে। এই অভিযানটো যথেষ্ট জনপ্ৰিয় হৈছে আৰু দুগ্ধ খেতিয়ক আৰু গ্ৰাহকসকলৰ যথেষ্ট সঁহাৰিও লাভ কৰিছে।