গুৱাহাটী, ১৩ মাৰ্চ, ২০২৪ : উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে গুৱাহাটীৰ জু-ৰোডস্থিত অসম ৰাজ্যিক চিৰিয়াখানাৰ বিপৰীতে, এছ কে হাজৰিকা কলেজ থকা বৰা মাৰ্কেট কমপ্লেক্সৰ সন্মুখত পূৰ্ব-নিৰ্মিত দুগ্ধ বিপনী (Milk Stall) স্থাপন কৰিছে। পূৰবী ডেইৰী ব্ৰেণ্ডক পৰিচালনা কৰা পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় ইউনিয়ন লিমিটেডে (ৱামুল) গুৱাহাটীৰ জু-ৰোডত এই দুগ্ধ বিপনী স্থাপন কৰিছে। এই দুগ্ধ বিপনীয়ে সাধাৰণ ৰাইজ আৰু উজনি অসমলৈ যোৱা বিভিন্ন যাত্ৰী তথা পৰ্যটকক নতুনকৈ মুকলি কৰা পূৰবী আইচক্ৰীম, সতেজ গাখীৰ আৰু লাচ্চি, দৈ, সতেজ ক্ৰীম, ঘিউ, পনীৰ, ইত্যাদি দুগ্ধজাত সামগ্ৰী লাভ কৰাত সহায় কৰিব।

ৱামুলে বিভিন্ন গুৰুত্বপূৰ্ণ আৰু ব্যস্ত অঞ্চলত পূৰ্ব-নিৰ্মিত পূৰবী দুগ্ধ বিপনী মুকলি কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ দুগ্ধ খণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছে। প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটীত স্থাপন কৰা বহুসংখ্যক পূৰবী দুগ্ধ বিপনীয়ে ইতিমধ্যে গ্ৰাহকৰ বাবে পূৰবী আৰু মাডাৰ ডেইৰীৰ বিভিন্ন প্ৰকাৰ তথা মূল্যৰ সামগ্ৰী উপলব্ধ কৰি আহিছে। জু-ৰোডৰ এই দুগ্ধ বিপনী উন্মোচন কৰে ৱামুলৰ পৰিচালন সঞ্চালক এছ বি বসুৱে। এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৱামুলৰ জি এম এছ কে পৰিদা, ৱামুলৰ বিপণন বিভাগৰ মুৰব্বী এছ এম হুছেইন আৰু নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেড (এনইডিএফএল)ৰ মুখ্য বিত্তীয় বিষয়া চিৰাগ সেৱক।

উপস্থিতসকলক নিজৰ মনোভাৱ প্ৰকাশ কৰি ৱামুলৰ পৰিচালন সঞ্চালক এছ বি বসুৱে কয়, ‘অসম​ৰ সোৱাদ, পূৰবী ডেইৰীয়ে আমাৰ কৃষকসকলক সবলীকৰণ আৰু আমাৰ গ্ৰাহকক মানসম্পন্ন সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত আগৰণুৱা কাম কৰি আহিছে। ডেইৰীখনে আমাৰ হাজাৰ হাজাৰ কৃষক আৰু গ্ৰাহকৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিছে। আমাৰ গ্ৰাহকৰ আশা পূৰণ কৰা উচ্চমানৰ দুগ্ধজাত সামগ্ৰী উৎপাদনৰ বাবে পূৰবী ডেইৰী সদায় দায়বদ্ধ​। আমি পুষ্টিকৰ আৰু নিৰাপদ সামগ্ৰী যোগান ধৰাৰ গুৰুত্ব বুজি পাওঁ, আৰু আমাৰ কঠোৰ গুণগত নিয়ন্ত্ৰণ ব্যৱস্থাৰ বাবে আমি গৌৰৱ কৰো। এই দুগ্ধ বিপনীসমূহৰ জৰিয়তে আমি গ্ৰাহকৰ চাহিদা পূৰণৰ বাবে উদ্ভাৱন আনি দিয়াৰ লগে লগে গ্ৰাহকৰ এখোজ ওচৰ চাপি আহিছো।”

লগতে এছ বি বসুৱে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা দূৰদৰ্শী অসম দুগ্ধ উন্নয়ন পৰিকল্পনাৰ ওপৰতো আলোকপাত কৰে; “অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত আমি অসমৰ দুগ্ধ খণ্ডৰ বৃদ্ধিত অৰিহণা যোগাই এই আধুনিক দুগ্ধ বিপনীৰ প্ৰৱৰ্তন কৰি গৌৰৱ অনুভৱ কৰিছো। আগন্তুক ৩-৬ মাহত আমি গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থান আৰু কাষৰীয়া বজাৰসমূহত প্ৰায় ১৫খন এনে দুগ্ধ বিপনীৰ প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছো। ফ্ৰেঞ্চাইজিৰ দ্বাৰা পৰিচালিত এই বিপনীসমূহে চেনেলসমূহৰ মাজেৰে প্ৰতিখন বিপনীত দুজন-তিনিজন লোকৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব।” ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত ভঙাগড়স্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল(জি এম চি এইচ)ত পূৰবী দুগ্ধ বিপনী মুকলি কৰা হৈছিল আৰু এই বছৰৰ ফেব্ৰুৱাৰী মাহত খানাপাৰাৰ আই অ চি পেট্ৰল পাম্পত দ্বিতীয়খন বিপনী মুকলি কৰা হয়।

এই দুগ্ধ সমবায়খনে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পূৰবী ডেইৰী চৌহদত আৰু চাংসাৰিস্থিত এইমছৰ বিপৰীতে পূৰবী গো খাদ্য প্ৰকল্প(কেটল ফিড প্লাণ্ট)তো দুখন ‘পূৰবী পাৰ্লাৰ’ মুকলি কৰিছে। ইণ্ডিপেণ্ডেণ্ট চেল্ফ চাৰ্ভিছ বা স্বতন্ত্ৰ আত্মসেৱা (আই এছ এছ) বিন্যাসত প্ৰস্তুত কৰা এই অভিনৱ পাৰ্লাৰসমূহে নতুন প্ৰজন্মৰ গ্ৰাহকৰ বিকশিত পছন্দসমূহ পূৰণ কৰিছে। এই বিশেষ পাৰ্লাৰসমূহত পূৰবীৰ সকলো ধৰণৰ সামগ্ৰী পোৱা যায়, য’ত উপলব্ধ বিভিন্ন ধৰণৰ পাউছ মিল্ক (টোনড, ষ্টেণ্ডাৰ্ড আৰু ফুল ক্ৰীম), দৈ, লচি, সতেজ ক্ৰীম, ঘিউ আৰু মৌ ইত্যাদি। ইয়াৰ লগতে গ্ৰাহকসকলে মাডাৰ ডেইৰী বাস্কেটৰ পৰা পৰিপূৰক সামগ্ৰী, যেনে- পনীৰ, মিল্কশ্বেক, সোৱাদযুক্ত গাখীৰ, মছলা চাহ, টিনত ভৰোৱা মিঠাই, মাডাৰ ডেইৰী আইচক্ৰীম, মাখন, সুন্দৰকৈ পেক কৰা সতেজ শাক-পাচলি আৰু সংসাধিত পাচলি আদি ক্ৰয় কৰিব পাৰে।

বিশেষভাৱে প্ৰস্তুত কৰা দুগ্ধজাত সামগ্ৰীৰ কল্ড চেইনক আগুৱাই লৈ যাবলৈ আৰু দুগ্ধজাত সামগ্ৰীসমূহৰ উত্তৰ-পূৰ্বাঞ্চলত বিতৰণ তথা বিক্ৰীৰ বাবে প্ৰতিষ্ঠা কৰা হৈছে প্ৰথমখন পূৰ্ব-নিৰ্মিত বিপনী। এই বিপনীবোৰ সুৰক্ষিত আৰু অধিক তাপমাত্ৰাতো ভাল অৱস্থাত থাকিব পৰাকৈ প্ৰস্তুত কৰা হৈছে, ইয়াৰ বাবে ভিচি কুলাৰ, চেষ্ট কুলাৰ আৰু ডীপ ফ্ৰীজাৰত সামগ্ৰীসমূহ ৰাখি মানদণ্ড একেই থকাটো নিশ্চিত কৰা হয়। আধুনিক নান্দনিকতাক কাৰ্যকৰী দক্ষতাৰ সৈতে একত্ৰিত কৰি এই বুথবোৰ প্ৰতিষ্ঠানটোৰ মালিকানাধীন ফ্ৰেঞ্চাইজি অপাৰেটেড (চি অ’ এফ অ’) মডেলৰ অধীনত মুকলি কৰা হৈছে, যিয়ে উচ্চাকাংক্ষী উদ্যোগীসকলৰ বাবে এক অনন্য ব্যৱসায়িক সুযোগ প্ৰদান কৰিছে।এই পূৰ্ব-নিৰ্মিত পূৰবী দুগ্ধ বিপনীৰ আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে ইয়াৰ দ্ৰুত স্থাপন প্ৰক্ৰিয়া, যাৰ ফলস্বৰূপে ফ্ৰেঞ্চাইজি লোৱা ব্যক্তিয়ে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ মাত্ৰ দুদিনৰ ভিতৰতে কাম আৰম্ভ কৰিব পাৰে। এই পদক্ষেপৰ ফলত বিপনী স্থাপন কৰি বিচৰা লোকসকলৰ সময় যথেষ্ট হ্ৰাস পায় আৰু সহজে দুগ্ধ বিপনী মুকলি কৰিব পাৰে।