গুৱাহাটী, ১৪ মাৰ্চ, ২০২৪ : গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত চলি থকা আৰ ই চি পূব মণ্ডল ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ যুৱ আৰু এলিট শাখাৰ খেলত প্ৰথমদিনা অসমৰ ১০ গৰাকী বক্সাৰে জয়ৰে অভিযান আৰম্ভ কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ লগতে ভাৰতীয় বক্সিং ফেডাৰেছনৰ (Boxing Federation Of India) সহযোগত অসম বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত যুৱ আৰু এলিট শাখাত দেশৰ ২৮ খন ৰাজ্যৰ প্ৰায় এহেজাৰ পুৰুষ-মহিলা বক্সাৰৰে অংশ লৈছে৷

প্ৰথমদিনা অনুষ্ঠিত হোৱা পুৰুষৰ এলিট শাখাৰ ৫৪-৫৭ কিলোগ্ৰাম ওজন শাখাত অসমৰ পিণ্টা নৰহে তামিলনাডুৰ টি থিৰুচেলবামক, ৫৭-৬০ কিলোগ্ৰাম ওজন শাখাত আকাশ দাসে ৰাজ্যৰে চন্দন নাৰ্জাৰীক তথা ৰূপম বৰদলৈয়ে তেলেংগনাৰ মহম্মদ ছুলেমানক, ৬০-৬৩ কিলোগ্ৰাম ওজন শাখাত ধীৰাজ বৰাই বংগৰ কানহায়াক, ৫৩-৬৭ কিলোগ্ৰাম ওজন শাখাত অভিনৱ শইকীয়াই মনিপুৰৰ কে জনছনক আৰু ৭১-৭৫ কিলোগ্ৰাম ওজন শাখাত বিজয় ডেকাই অন্ধ্ৰ প্ৰদেশৰ প্ৰদীপ টাডিথুৰিক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে৷ বিপৰীতে পুৰুষৰ এলিট শাখাৰ প্ৰথমদিনাৰ বিভিন্ন ওজন শাখাৰ খেলত অসমৰ ১২ গৰাকী খেলুৱৈ অন্য ৰাজ্যৰ বক্সাৰৰ বিৰুদ্ধে পৰাস্ত হৈ প্ৰথম ৰাউণ্ডতে বিদায় লয়৷

ইফালে, মহিলাৰ এলিট শাখাৰ ৪৮-৫০ কিলোগ্ৰাম ওজন শাখাত অসমৰ দিক্ষিতা বড়োই বংগৰ মুছকানক, ৫২-৫৪ কিলোগ্ৰাম ওজন শাখাত পূজা সোণোৱালে ৰাজ্যৰে অঞ্জনা ঠাকুৰীয়াক আৰু ৫৪-৫৭ কিলোগ্ৰাম ওজন শাখাত আৰতিয়ে অসমৰে সংগীতাক হৰুৱাই দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হয়৷ এলিটৰ মহিলা শাখাৰ প্ৰথমদিনাৰ প্ৰথম ৰাউণ্ডৰ খেলত পৰাস্ত হৈ বিদায় লয় অসমৰ পাঁচগৰাকী বক্সাৰে৷ ল’ৰাৰ যুৱ শাখাৰ খেলত প্ৰথমদিনা অসমৰ একমাত্ৰ বক্সাৰ হিচাপে ৪৬-৪৮ কিলোগ্ৰাম ওজন শাখাত পাউলু আলিয়ে ৰাজস্থানৰ ধ্ৰুৱ গৌডক হৰুৱাই দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰাৰ বিপৰীতে ৰাজ্যৰ ছয়জনকৈ যুৱ বক্সাৰে প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত হৈ প্ৰথম ৰাউণ্ডতে বিদায় লয়৷

বুধবাৰে নিশা ছোৱালীৰ যুৱ শাখাৰ প্ৰথম ৰাউণ্ডৰ খেল হোৱাৰ লগতে পুৰুষ-মহিলাৰ এলিট তথা ল’ৰাৰ যুৱ শাখাৰো বাকী থকা প্ৰথম ৰাউণ্ডৰ খেলসমুহ অনুষ্ঠিত হয়৷ ভাৰতীয় বক্সিং ফেডাৰেছনে দেশৰ সকলো প্ৰান্তৰ পৰা নতুন প্ৰতিভা বিচাৰি উলিওৱাৰ লক্ষ্যৰে চাৰিখন মাণ্ডলিক ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী প্ৰতিযোগিতা আয়োজন কৰিছে৷ ইতিমধ্যে দক্ষিণ, পশ্চিম আৰু উত্তৰ মণ্ডলত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ যোৱাৰ পাছত এতিয়া গুৱাহাটীত অন্তিমখন প্ৰতিযোগিতা চলি আছে৷ ছাৱ-জুনিয়ৰ, জুনিয়ৰ, যুৱ আৰু এলিট শাখাৰ প্ৰতিযোগিতাখনৰ প্ৰতিটো মণ্ডলৰ পৰা ল’ৰা-ছোৱালীৰ প্ৰতিটো ওজন শাখাৰে শীৰ্ষ আঠজনে ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হ’ব৷

আনহাতে, ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ প্ৰতিটো ওজন শাখাৰ পদক বিজয়ী বক্সাৰক ফেডাৰেছনে ৰাষ্ট্ৰীয় শিবিৰলৈ নিৰ্বাচিত কৰি আধুনিক প্ৰশিক্ষন দিয়াৰ ব্যৱস্থা কৰিব৷ মাণ্ডলিক প্ৰতিযোগিতাৰ লগতে আসন্ন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰতিটো ওজন শাখাৰে পদক বিজয়ী চাৰি বক্সাৰক ১৫, ১০ আৰু পাঁচ হেজাৰকৈ প্ৰাইজমানিও দিয়া হৈছে৷