গুৱাহাটী, ২১ মে’, ২০২৪ : ২০ মে’ মাহত পালন কৰা বিশ্ব মৌমাখি দিৱসৰ লগত সংগতি ৰাখি অসমৰ সৰ্ববৃহৎ তথা জনপ্ৰিয় দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে চলিত বৰ্ষত স্থানীয়ভাৱে উৎপাদিত মৌৰ (Honey) বিক্ৰী ৪ টনতকৈ অধিক কৰাৰ কথা ঘোষণা কৰিছে। উল্লেখ্য যে, বিগত বৰ্ষৰ মে’ মাহত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে ‘পূৰবী’ ব্ৰেণ্ডৰ অধীনত অসমৰ স্থানীয় মৌপালকৰ পৰা আহৰণ কৰা মৌ বজাৰত মুকলি কৰিছিল। মন কৰিবলগীয়া যে, কামৰূপৰ হাজোস্থিত ‘নৱ মিলন মৌপালক আৰু উৎপাদক সমবায় সমিতি লিমিটেড’ৰ সহযোগিতামূলক প্ৰচেষ্টাত উৎপাদিত এই মৌ হৈছে মৌ সমবায়সমূহৰ মাধ্যমেৰে অসমত মৌৰ উৎপাদন বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (এনডিডিবি)ৰ নেতৃত্বত লোৱা এক পদক্ষেপৰ অংশ।

এই প্ৰকল্পৰ লক্ষ্য হৈছে বহনক্ষম মৌপালন পদ্ধতিৰ জৰিয়তে মৌ উৎপাদকসকলৰ জীৱিকাৰ মান উন্নত কৰা আৰু অঞ্চলটোত প্ৰাকৃতিক মৌ আৰু মৌপালনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ এক নিৰ্দিষ্ট বজাৰ স্থাপন কৰা। ‘পূৰবী’ ব্ৰেণ্ডৰ নামত বিক্ৰী হোৱা এই মৌ ৱামুলৰ দ্বাৰা বিপণন কৰা হয়। প্ৰথম পৰ্যায়ত ‘পূৰবী হানি’ ১২৫ গ্ৰাম আৰু ২৫০ গ্ৰামৰ বটলত গ্ৰাহকৰ বাবে আগবঢ়োৱা হৈছিল যদিও উচ্চমানৰ প্ৰাকৃতিক মৌৰ চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পিছলৈ ৫০০ গ্ৰামৰ বটল বজাৰত মুকলি কৰি দিয়া হয়। প্ৰথম ১০ টা মাহত পূৰবী ডেইৰীয়ে ১.২ টনতকৈ অধিক পূৰবী মৌ বিক্ৰী কৰিবলৈ সক্ষম হয়, যিয়ে প্ৰাকৃতিক আৰু স্থানীয়ভাৱে উৎপাদিত মৌৰ প্ৰতি জনসাধাৰণৰ পছন্দক চিহ্নিত কৰে। এই উল্লেখযোগ্য সাফল্যই উচ্চমানৰ, ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰীৰ প্ৰতি গ্ৰাহকৰ বৰ্ধিত চাহিদা আৰু পূৰবী ডেইৰীৰ সামগ্ৰীৰ সফল বৈচিত্ৰ্যক উজ্জ্বল কৰি তুলিছে।

পূৰবী মৌৰ প্ৰতি গ্ৰাহকৰ ইতিবাচক আৰু আশাব্যঞ্জক সঁহাৰিয়ে ইয়াৰ উৎকৃষ্ট সোৱাদ আৰু গুণগত মানৰ প্ৰমাণ দিয়াই নহয়, স্থানীয় উদ্যোগ আৰু বহনক্ষম খাদ্যৰ উৎসক সমৰ্থন কৰাৰ দিশত ইতিবাচক পৰিৱৰ্তনৰো সংকেত প্ৰদান কৰিছে। ৱামুলৰ মহাপ্ৰবন্ধক এছ কে পাৰিদাই কয়, “ৱামুলে আমাৰ কৃষকসকলক মৌপালনৰ প্ৰশিক্ষণ প্ৰদান কৰিছে, যাৰ ফলত বৰ্তমানৰ দুগ্ধজাত মূল্য শৃংখলৰ লগতে গাখীৰ উৎপাদকসকলৰ বাবেও আয়ৰ অতিৰিক্ত উৎসৰ সৃষ্টি হৈছে। প্ৰশিক্ষণ কাৰ্যসূচী আৰু পৰৱৰ্তী সময়ত পূৰবী মৌৰ মুকলিৰ জৰিয়তে আমি আমাৰ গ্ৰাহকসকলক উচ্চমানৰ, স্থানীয়ভাৱে উৎপাদিত প্ৰাকৃতিক মৌ আগবঢ়াব পাৰিছোঁ আৰু একে সময়তে ই উৎপাদকসকলৰো আয় বৃদ্ধি কৰিছে।।এই পাৰস্পৰিক সহযোগিতাৰ ফলত সকলোৰে বাবে এক যোগাত্মক পৰিৱেশ তন্ত্ৰৰো সৃষ্টি হৈছে।”

প্ৰণিধানযোগ্য যে, ২০২২ চনৰ পৰা প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছিল আৰু ২০২৩ চনৰ মে’ মাহত পূৰবী মৌ মুকলি কৰাৰ পিছৰে পৰা পূৰবী ডেইৰীয়ে মৌ ক্ৰয় আৰু বিপণনৰ বাবে নিজৰ আন্তঃগাঁথনি ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰি আহিছে। এই পদক্ষেপে গ্ৰাহকসকলক গুণগত মৌ যোগান ধৰাৰ সমান্তৰালকৈ উৎপাদকসকলৰ বাবে উপাৰ্জনৰ এক অতিৰিক্ত উৎসও প্ৰদান কৰিছে। যি সময়ত আগশাৰীৰ ব্ৰেণ্ডসমূহো মৌৰ বিশুদ্ধতাৰ বাবে পৰীক্ষণৰ সন্মুখীন হৈছে, সেই সময়ত পূৰবী মৌৱে নিজৰ প্ৰাকৃতিক, প্ৰামাণিক আৰু উচ্চমানৰ সামগ্ৰীৰে বজাৰত স্থান দখল কৰাটো পৰিলক্ষিত হৈছে।

“পূৰবী মৌৰ চহকী, প্ৰামাণিক সোৱাদ আৰু বিশুদ্ধতাৰ শলাগ লৈ আমাৰ গ্ৰাহকসকলে ধাৰাবাহিকভাৱে ইতিবাচক মতামত আগবঢ়াই আহিছে। প্ৰথম অৱস্থাত তেওঁলোকে মৌৰ সৰু বটল ক্ৰয় কৰি সামগ্ৰীবিধৰ গুণমান সম্পৰ্কে এক ধাৰণা লৈছিল যদিও এতিয়া ডাঙৰ বটলৰ চাহিদা বৃদ্ধি পাইছে। গ্ৰাহকৰ চাহিদাৰ বাবেই আমি এতিয়া পূৰবী মৌৰ আধা কিলোগ্ৰামৰ বটল মুকলি কৰিছোঁ,” ৱামুলৰ মাৰ্কেটিং বিভাগৰ এছ এম হুছেইনে এই সন্দৰ্ভত কয়। ‘পূৰবী হানি’ৰ এই সাফল্যই সমবায় খণ্ডৰ বহনক্ষম স্থানীয় সামগ্ৰীৰ প্ৰসাৰৰ প্ৰতি থকা দায়বদ্ধতাক উজ্জ্বল কৰি তুলিছে। ৱামুল আৰু ইয়াৰ অংশীদাৰ উৎপাদকসকলৰ বাবে এয়া এক উল্লেখযোগ্য কৃতিত্ব, যিসকলে নিজৰ উৎপাদিত সামগ্ৰীৰ পৰিসৰ সম্প্ৰসাৰণ কৰাৰ সমান্তৰালভাৱে আঞ্চলিক কৃষিভিত্তিক পৰিৱেশ সমৃদ্ধ কৰিছে আৰু দৃশ্যমান ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।