গুৱাহাটী, ২০ মে’, ২০২৪ : অসম পেৰালিম্পিক সন্থাৰ (Paralympic Association Of Assam) উদ্যোগত যোৱা শনিবাৰে গুৱাহাটীত সফলতাৰে অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক সদৌ অসম আন্তঃজিলা ব’চিয়া চেম্পিয়নশ্বিপ৷ উল্লেখ্য যে ব’চিয়া ক্ৰীড়া হৈছে পেৰা এথলীটে খেলা এবিধ খেল৷ ইতিমধ্যে অসমৰ পেৰা খেলুৱৈয়ে ব’চিয়া ক্ৰীড়াৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰি অনন্য সফলতা অৰ্জন কৰাৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

সেয়ে ৰাজ্যৰ নতুন প্ৰতিভা বিকাশৰ লক্ষ্যৰে অসম পেৰালিম্পিক সন্থাই অন্য খেলৰ লগতে যোৱা বছৰৰ পৰা আন্তঃজিলা ব’চিয়া চেম্পিয়নশ্বিপো আয়োজন কৰিছে৷ যাদব চন্দ্ৰ ভূঞা স্মৃতি ন্যাসৰ অনুষ্ঠান ‘উদয়াচল’ৰ সহযোগিতাত অসম পেৰালিম্পিক সন্থাই আয়োজন কৰা ৰাজ্যিক প্ৰতিযোগিতাখন আদাবাৰীৰ শংকৰ নগৰত অৱস্থিত উদয়াচল ব’চিয়া প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয়৷ ল’ৰা আৰু ছোৱালীৰ উভয় শাখাৰ প্ৰতিযোগিতাখনত মুঠ চাৰিটা বিভাগত খেল অনুষ্ঠিত হয়৷ আনহাতে, কামৰূপ মহানগৰ, যোৰহাট, শিৱসাগৰ, শোনিতপুৰ আদি জিলাৰ পেৰা খেলুৱৈয়ে উৎসাহেৰে প্ৰতিযোগিতাত অংশ লয়৷

সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম পেৰালিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক তথা ৰাজ্যৰ প্ৰাক্তন টেনিছ খেলুৱৈ ৰিণিকি ভূঞা শৰ্মা৷ অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে অৱগত কৰা অনুসৰি প্ৰতিযোগিতাৰ সামৰণিত বিজয়ী খেলুৱৈসকলক পদক মানপত্ৰও ৰিণিকি ভূঞা শৰ্মাই প্ৰদান কৰে৷ প্ৰতিযোগিতাৰ ফলাফল অনুসৰি বি চি-২ শাখাত ৰাহুল ৰবী দাসে সোণ, জগদিশ বসুমতাৰীয়ে ৰূপ আৰু অংকিতা দেৱনাথে ব্ৰঞ্জৰ পদক লাভ কৰে৷

ইফালে, বি চি-৩ শাখাত সোণ অৰ্জন কৰে ৰিতা দাসে৷ আনহাতে, দিব্যজ্যোতি বৰঠাকুৰে ৰূপ আৰু ছিমৰপ্ৰীত সিঙে ব্ৰঞ্জ পায়৷ পাহী হাজৰিকাই বি চি-৪ শাখাত সোণ লাভ কৰাৰ বিপৰীতে এই শাখাৰ ৰূপ আৰু ব্ৰঞ্জ অৰ্জন কৰে সন্ধ্যা ভূমিজ আৰু ভৰত চেত্ৰীয়ে৷ আনহাতে, বি চি-৫ শাখাত হানিফ আলীয়ে সোণ লাভ কৰাৰ বিপৰীতে ৰূপ আৰু ব্ৰঞ্জ লাভ কৰে ৰূমকি দে আৰু ৰিণা মণ্ডলে৷