গুৱাহাটী : গুৱাহাটী আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহৰ লোকসকলৰ বাবে আনন্দ কঢ়িয়াই আনি, অসমৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীয়ে ৰঙালী বিহুৰ প্ৰাকক্ষণত ইয়াৰ এটা ফুল ক্ৰীম গাখীৰৰ সংস্কৰণ পূৰবী গ’ল্ডৰ প্ৰৱৰ্তন কৰিছে। পূৰবী ডেইৰী নামেৰে জনাজাত পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডে গুৱাহাটী আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহত পূৰবী গ’ল্ড ফুল ক্ৰীম গাখীৰ উপলব্ধ হোৱাৰ কথা ঘোষণা কৰিছে। যিহেতু গ্ৰাহক আৰু মিঠাইৰ দোকানৰ মালিকসকলৰ মাজত সমগ্ৰ অসমত উচ্চ চৰ্বিযুক্ত গাখীৰৰ যথেষ্ট চাহিদা আছে, ৱামুলে পূৰবী গ’ল্ডৰ এক লিটাৰ পেকেট মুকলি কৰিছে য’ত ৬ শতাংশ চৰ্বি আৰু ৯ শতাংশ এছএনএফ থাকে। 

“অসমৰ গ্ৰাহকসকলক উচ্চ মানদণ্ডৰ দুগ্ধ সামগ্ৰী আগবঢ়োৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখি, এই ৰঙালী বিহুত আমি এবিধ নতুন সামগ্ৰী পূৰবী গ’ল্ড ফুল ক্ৰীম গাখীৰ মুকলি কৰিছো। পূৰবী গ’ল্ডৰ এক লিটাৰ পেকেট এতিয়া বজাৰত উপলব্ধ। শেহতীয়া উৎক্ষেপণটো হৈছে আমাৰ ইতিমধ্যে মানক গাখীৰ, দৈ, পনীৰ, ক্ৰীম, লাচ্চী, ঘিউ আৰু অন্যান্য সামগ্ৰীৰ আকৰ্ষণীয় পেকেজত এক সংযোজন,” দুগ্ধ সমবায়টোৰ এজন মুখপাত্ৰই কয়। পূৰবী ডেইৰীৰ সৈতে জড়িত ৰাজ্যখনৰ ২৯,০০০ ৰো অধিক দুগ্ধ কৃষকৰ হৈ তেওঁলোকৰ কৃতজ্ঞতা আৰু শুভেচ্ছা প্ৰেৰণ কৰি দুগ্ধ সমবায়টোৱে ৰঙালী বিহু উপলক্ষে এটা ৰেডিঅ’ জিংগল অভিযানো আৰম্ভ কৰিছে।

সকলোকে শ্বেত বিপ্লৱৰ অংশ হ’বলৈ স্বাগতম জনাই, আকৰ্ষণীয় জিংগলকেইটাই ব্ৰেণ্ডটোৰ নতুন টেগলাইন ‘পূৰবী ডেইৰী অসমৰ সোৱাদৰ’ ওপৰত গুৰুত্ব আৰোপ কৰে, আৰু অসমৰ জনসাধাৰণক এক সমৃদ্ধিশালী অসমীয়া নৱবৰ্ষৰ বাবে শুভেচ্ছা জনায়।৮-৯ এপ্ৰিলত গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত হ’বলগীয়া “বতাহতে ৰঙালী” নামৰ এক বিহু কেন্দ্ৰিক অনুষ্ঠানতো পূৰবী ডেইৰীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰিও, ব্ৰেণ্ডটোৱে ডিৱাই বিহুৰাণী শীৰ্ষক এক ৰাজ্যিক পৰ্যায়ৰ বিহুৰাণী প্ৰতিযোগিতাৰ এই বছৰৰ সংস্কৰণৰ সৈতেও ডেইৰী পাৰ্টনাৰ হিচাপে চুক্তিবদ্ধ হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ উচ্চাকাংক্ষী আত্মানিৰ্ভৰ ভাৰত অভিযানৰ জৰিয়তে কল্পনা কৰা অনুসৰি, ৰাজ্যখনৰ ২৯,০০০ তকৈও অধিক দুগ্ধ খেতিয়কক জীৱিকা প্ৰদানত সহায় কৰাৰ ক্ষেত্ৰত পূৰবী ডেইৰী আগভাগত আছে।

কেৱল সেয়াই নহয়, দুগ্ধ সমবায়টোৱে দুগ্ধ খেতিয়কসকলক মৌপালন, মৌ চপোৱা আদিৰ দৰে বিভিন্ন আনুষঙ্গিক কাৰ্যকলাপত প্ৰশিক্ষণ দি তেওঁলোকৰ উপাৰ্জন বৃদ্ধিত সহায় কৰাৰ বাবে কেইবাটাও কৰ্মশালা অনুষ্ঠিত কৰিছে। অঞ্চলটোৰ সৰ্ববৃহৎ দুগ্ধ সমবায় হিচাপে পূৰবী ডেইৰীয়ে ইয়াৰ সন্মানীয় গ্ৰাহকসকলক মানদণ্ড আধাৰিত মূল্য-সংযোজিত সামগ্ৰী প্ৰদান কৰাৰ উপৰিও, ইয়াৰ সৈতে সম্পৰ্কিত দুগ্ধ খেতিয়কসকলৰ বাবে বছৰজুৰি লাভজনক ব্যৱসায় নিশ্চিত কৰাৰ ক্ষেত্ৰত বহুতো অৱদান আগবঢ়াইছে।