গুৱাহাটী, সংবাদ ৩৬৫, ১৫ জুলাই : বিশিষ্ট সাহিত্যিক,ঔপন্যাসিক পূৰৱী বৰমুদৈৰ দেহাৱসান। সোমবাৰে পুৱা ৬ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু সাহিত্যিকগৰাকীৰ । দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে ।

উল্লেখযোগ্য যে ১৯৫০ চনত জন্মগ্ৰহণ কৰিছিল পূৰবী বৰমুদৈয়ে।
গৱেষণালব্ধ আৰু মনোজ্ঞ সৃষ্টিৰে মুগ্ধ কৰিছিল পাঠকক। ২০০৭ চনত লেখিকাগৰাকীয়ে লাভ কৰিছিল সাহিত্য একাডেমী বঁটা ।অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত হৈছিল বৰমুদৈ ।
বৰমুদৈৰ মৃত্যুত শোকস্তব্ধ অসমৰ সাহিত্য জগত । লেখিকাৰ অন্তিম ইচ্ছা অনুসৰি চকুদান আৰু দেহদানৰ ব্যৱস্থা।

বিশিষ্ট সাহিত্যিক পূৰবী বৰমুদৈৰ বিয়োগত অসম সাহিত্য সভাৰ গভীৰ শোক প্ৰকাশ। প্ৰয়াত কথাশিল্পীগৰাকীৰ অনন্য সাহিত্যসৃষ্টি অসমীয়া সাহিত্যৰ ইতিহাসত চিৰকাল জিলিকি ৰ’ব বুলি অসম সাহিত্য সভাৰ সভাপতি ড০পৰমানন্দ ৰাজবংশীয়ে এক শোকবাৰ্তা যোগে মন্তব্য কৰিছে। পূৰবী বৰমুদৈৰ বিয়োগ অসমৰ বৌদ্ধিক জীৱনৰ এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ সদগতি কামনা কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড০পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই।