নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৫ জুলাই : শেহতীয়াকৈ হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন স্থানত ভূমিস্খলন আৰু বানৰ সৃষ্টি হৈছে । ৰাজ্যৰ চৌদিশে এতিয়া কেৱল পানী আৰু পানী । নদীৰ বাঢ়নী পানীয়ে যেন ধ্বংসৰ যজ্ঞ পাতিছে । বানৰ এই পৰিস্থিতিক লৈ সম্প্ৰতি দিল্লীত অসমৰ সাংসদসকল সৰৱ হৈ পৰিছে।

সংসদ ভৱনত থকা মহত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত সোমবাৰে পুৱা ১০.২০ বজাৰ পৰা প্ৰতিবাদ সাব্যস্ত ৰাজ্যসভা আৰু লোকসভাৰ সাংসদ সকলৰ ।

ৰাজ্যত বানে কাল বিভীষিকা ধাৰণ কৰা সময়ত কেন্দ্ৰীয় চৰকাৰৰ অন্যমনস্কতা আৰু অৱজ্ঞাসূচক মনোভাৱৰ বিৰুদ্ধে অসমৰ সাংসদকেইগৰাকীয়ে সাব্যস্ত কৰে প্ৰতিবাদ । লগতে সাংসদ কেইগৰাকীয়ে বানপানীত ককবকাই থকা লোকৰ দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে অসম চৰকাৰ ব্যৰ্থ হোৱা বুলি দাবী তুলিছে ।