টংলা, ৫ ফেব্ৰুৱাৰী, ২০২৪ : দহ কোটি টকা লুটি পলাল টংলাৰ নাটৱাৰলাল বিশাল দাগা। টংলাৰ থলুৱা চুপাৰি (Betel Nut) বেপাৰীৰ পৰা প্ৰায় দহ কোটি টকাৰ চুপাৰি লৈ ৰহস্যজনকভাৱে পলায়ন কৰিছে টংলাৰ নাটৱাৰলাল খ্যাত বিশাল দাগা। মহাপ্ৰৱঞ্চক বিশাল দাগাৰ প্ৰৱঞ্চনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে টংলা চহৰত। মূৰে কপালে হাত দিছে ভুক্তভোগী চুপাৰি বেপাৰীসকল।

ওদালগুৰি জিলাৰ টংলা চহৰত সংঘটিত হৈছে এক প্ৰৱঞ্চনাৰ ঘটনা। এজন যুৱকৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। যুৱকজনে টংলা চহৰৰ কেইবাজনো চুপাৰি বেপাৰীৰ পৰা প্ৰায় দহ কোটি টকাৰ চুপাৰি লৈ ধন নিদিয়াকৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে। দীর্ঘদিন ধৰি প্ৰৱঞ্চক যুৱকজনক বিচাৰি হাবাথুৰি খাইছে ভুক্তভোগী চুপাৰি বেপাৰীসকল।

প্ৰায় ২৫ বছৰীয়া বয়সৰ মাৰোৱাৰী সম্প্ৰদায়ৰ বিশাল দাগা নামৰ যুৱকজনে টংলা চহৰৰ স্থানীয় থলুৱা চুপাৰি বেপাৰীৰ পৰা প্ৰায় দহ কোটি টকাৰ চুপাৰি লৈ ৰহস্যজনকভাৱে পলায়ন কৰাত টংলা চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে, দৰং, ওদালগুৰি আৰু বাস্কা জিলাৰ চুপাৰি বেপাৰৰ প্ৰাণ কেন্দ্ৰ হৈছে টংলা চহৰ। টংলা চহৰতে থাকি ব্যৱসায় কৰা বিশাল দাগা নামৰ যুৱকজনে অঞ্চলটোৰ থলুৱা চুপাৰি বেপাৰীসকলক অধিক লাভৰ আশা লোভ দি দহ কোটি টকাৰ চুপাৰি লৈ ধন নিদিয়াকৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰি চুপাৰি বেপাৰী সকলে।

অভিযোগ অনুসৰি, টংলা চহৰতে বেপাৰ বাণিজ্য কৰি ডাঙৰ দীঘল হোৱা মহাঠগ, প্ৰৱঞ্চক বিশাল দাগাই থলুৱা চুপাৰি ব্যৱসায়ী সকলক লুটিবলৈ ৰচনা কৰিছিল দীঘদিনীয়া এক পৰিকল্পনা। পৰিকল্পনা অনুসৰি, বিগত দুৰ্গা পূজাৰ আগমূহুত অঞ্চলটোৰ বিভিন্ন থলুৱা চুপাৰি বেপাৰীসকলৰ পৰা অধিক লাভ দিয়াৰ প্ৰলোভন দেখুৱাই লাখ লাখ টকীয়া চুপাৰি সংগ্ৰহ কৰিছিল বিশাল দাগাই।সকলোকে প্ৰতিশ্ৰুতি দিয়া হৈছিল যে, পূজাৰ পিছত ধন আদায় দিয়া হ’ব। এদিন দুদিনকৈ ৬ মাহ পাৰ হ’ল কিন্তু থলুৱা চুপাৰি বেপাৰীসকলক ধন আদায় নিদিলে বিশাল দাগাই। এতিয়া বিশাল দাগা টংলা চহৰ এৰি পলায়ন কৰাৰ খবৰ আহিছে।

প্ৰৱঞ্চক বিশাল দাগাই একোজন লোকৰ ২ লাখৰ পৰা ৬০ লাখ টকা আত্মসাৎ কৰা বুলি জানিব পৰা গৈছে। একাংশ লোকৰ অভিযোগ বিশাল দাগাই এই কাৰ্য পৰিয়ালৰ সকলোৰে সহযোগত কৰিছে। গুৱাহাটীৰ আঠগাঁৱত বাস কৰা বিশাল দাগাৰ মাতৃ আৰু পত্নীৰ ওচৰত ভুক্তভোগী চুপাৰি বেপাৰী সকলে টকা বিচাৰি গ’লে, মাতৃৰ পোনপতীয়া কথা, পুত্ৰ বিশাল দাগা হেৰাইছে। ভুক্তভোগী চুপাৰি বেপাৰী সকলৰ প্ৰশ্ন, বিশলা দাগা যদি হেৰাইছে, মাতৃয়ে কিয় পুত্ৰ সন্ধানহীন হৈ থকা বুলি আৰক্ষীক অৱগত নকৰে? এতিয়া প্ৰশ্ন হ’ল, মহাপ্ৰৱঞ্চক বিশাল দাগাক ধুকি পাৱনে আৰক্ষী বাহিনীয়ে।