নিউজ ডেস্ক, ৭ আগষ্ট, ২০২৩ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লোকসভাৰ সাংসদ পদ পুনৰ ঘূৰি আহিল। ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই দিয়াৰ বাবে অধিসূচনাও জাৰি কৰা হৈছে। মোদী উপাধিক (Modi Surname) লৈ কৰা মন্তব্যৰ পিছতে মানহানিৰ গোচৰত দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল ৰাহুল গান্ধীক। মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱা ৰাহুল গান্ধীক কাৰাদণ্ড বিহাৰ পিছতে মে’ মাহত ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল কৰা হৈছিল।

ৰাহুল গান্ধীয়ে সাংসদ পদ পুনৰ লাভ কৰাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে ৰাহুল গান্ধীৰ সদস্যপদ পুনৰ লাভ কৰাটো এক আদৰণীয় পদক্ষেপ, এই সিদ্ধান্তই ভাৰতৰ জনসাধাৰণ বিশেষকৈ ৱায়ানাদৰ জনসাধাৰণলৈ সকাহ দিছে।শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধী মোদী উপাধি গোচৰত দোষী সাব্যস্ত হোৱাকলৈ কয় যে বিচাৰ ন্যায়াধীশে সৰ্বোচ্চ শাস্তি প্ৰদানৰ কোনো কাৰণ দিয়া নাই। চূড়ান্ত ৰায় অহালৈকে দোষী সাব্যস্ত হোৱাৰ ক্ৰম স্থগিত ৰাখিব লাগিব। ন্যায়াধীশ সকলে কৈছিল যে অযোগ্যতাৰ প্ৰভাৱে কেৱল ব্যক্তিৰ অধিকাৰেই নহয়, ভোটাৰৰ ওপৰতো প্ৰভাৱ পেলায়।

উল্লেখ্য যে মোদী উপাধি গোচৰত ৰহুল গান্ধীক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰা গুজৰাট উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ৰাহুল গান্ধীৰ আবেদনৰ শুনানি গ্ৰহণ কৰিছিল দেশৰ শীৰ্ষ আদালতে। ‘মোদী উপাধি’ৰ সৈতে জড়িত মানহানিৰ গোচৰত কংগ্ৰেছ নেতাগৰাকীৰ দোষী সাব্যস্ত হোৱাত স্থগিত ৰখাৰ বাবে কৰা আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কৰ্ণাটকৰ কোলাৰত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী সভাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোদী উপাধিকলৈ বিতৰ্কিত মন্তব্য প্ৰদান কৰাৰ পিছতে গুজৰাটৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছিল।

পূৰ্ণেশ মোদীৰ গোচৰৰ শুনানিত গুজৰাটৰ চুৰাট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি ২ বছৰৰ কাৰাদণ্ডৰ ৰায়দান দিছিল। চুৰট আদালতৰ ৰায়দানৰ পিছতে ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল কৰা হৈছিল। চুৰট আদালতৰ ৰায়দানক ৰাহুল গান্ধীয়ে গুজৰাট উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছল যদিও গুজৰাটৰ উচ্চ ন্যায়ালয়ে চুৰট আদালতৰ ৰায়দানক বাহাল ৰাখিছিল। ইয়াৰ পিছতে ৰাহুল গান্ধী কাষ চাপিছিল উচ্চতম ন্যায়ালৰ। অৱশেষত উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰে কংগ্ৰেছ নেতা গৰাকী।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ পৰা ৰাহুল গান্ধীয়ে সকাহ লাভ কৰাৰ পিছতে কংগ্ৰেছ শিবিৰত এক আনন্দৰ লহৰ দেখিবলৈ পোৱা যায়। উচ্চতম ন্যায়ালৰ পৰা সকাহ লাভ কৰাৰ পিছতে সোমবাৰে ৰাহুল গান্ধীৰ গান্ধীৰ সাংসদ পদ পুনৰ ঘূৰাই দিয়া হয়। ১৩৬ দিন পিছত ৰাহুল গান্ধীয়ে পুনৰ সাংসদ পদ ঘূৰাই পালে। সোমবাৰৰ পৰা ৰাহুল গান্ধী সাংসদৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব।