নিউজ ডেস্ক, ৬ আগষ্ট, ২০২৩ : হিংসা জৰ্জৰিত মণিপুৰৰ পৰা আহিছে এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ। মণিপুৰৰ এন ডি এ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত কুকি সম্প্ৰদায়ৰ। কুকি পিপলছ এলায়েন্সৰ এন বীৰেণ সিঙৰ (N Biren Singh) চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত। ৰাজ্যপাল অনুছুইয়া উইকেলৈ পত্ৰ প্ৰেৰণ কৰি এন বীৰেণ সিঙৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ ঘোষণা কুকি পিপলছ এলায়েন্সৰ।

চুবুৰীয়া ৰাজ্যৰ মণিপুৰত তিনিমাহতকৈও অধিক সময় ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰৰ এন বীৰেণ সিঙ চৰকাৰৰ মিত্ৰ দলে ৰাজ্য চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। কুকি পিপলছ এলায়েন্সে মণিপুৰৰ এন বীৰেণ সিঙৰ চৰকাৰৰ লগত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুজন বিধায়ক থকা কুকি পিপলছ এলায়েন্সে ৰাজ্যপাল অনুছুইয়া উইকেলৈ পত্ৰ প্ৰেৰণ।কৰি সমৰ্থন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। কুকি পিপলছ এলায়েন্সে সমৰ্থন প্ৰত্যাহাৰ কৰিলেও ইয়াৰ ফলত বীৰেণ সিঙৰ চৰকাৰলৈ কোনো ধৰণৰ ভাবুকিৰ সৃষ্টি নহয়।

ৰাজ্যপাল অনুছুইয়া উইকেলৈ লিখা পত্ৰখনত কুকি পিপলছ এলায়েন্সৰ মুৰব্বী টংমাং হাওকিপে কয় যে বৰ্তমান মনিপুৰত চলি থকা সংঘাত সন্দৰ্ভত বিবেচনা কৰাৰ পিছত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ নেতৃত্বত বৰ্তমানৰ মণিপুৰ চৰকাৰৰ প্ৰতি তেওঁৰ দলৰ সমৰ্থন প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। দুজন বিধায়ক থকা কুকি সম্প্ৰদায়ৰ দল কুকি পিপলছ এলায়েন্সৰ সমৰ্থন প্ৰত্যাহাৰ কৰিলেও মণিপুৰত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ চৰকাৰৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে। মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ বাবে সমগ্ৰ দেশতে এন বীৰেণ সিঙৰ চৰকাৰখনে প্ৰতিবাদৰ সন্মুখীন হৈছে।

উল্লেখ্য যে বিগত তিনিমাহতকৈও অধিক সময় ধৰি মণিপুৰ জ্বলি আছে। মণিপুৰত দুই সম্প্ৰদায়ৰ মাজত চলি থকা হিংসাত্মক ঘটনাত ১৬০ জনৰো অধিক লোকৰ মৃত্যু হৈছে। হিংসাত্মক ঘটনাত কেইবাশ লোক আহত হোৱাৰ লগতে গৃহহীন হৈছে হাজাৰ হাজাৰ লোক। হিংসাৰ জুইত ভস্মীভূত হৈছে কেইবাহাজৰ পৰিয়ালৰ ঘৰ। মণিপুৰ এৰি পলায়ন কৰিছে দুয়ো সম্প্ৰদায়ৰ বহু লোকে। অসমৰ কাছাৰ জিলাত মণিপুৰৰ পৰা পলায়ন কৰি বহু মণিপুৰী লোকে আশ্ৰয় লৈছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে নিৰাপত্তা বাহিনীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়াও মণিপুৰত সংঘটিত হৈ আছে হিংসাত্মক ঘটনা।

শুকুৰবাৰে (৪ আগষ্ট) নিশাৰ ভাগতো বিষ্ণুপুৰ জিলাৰ কোৱাকটা অঞ্চলত সংঘটিত হোৱা হিংসাত্মক ঘটনাত তিনিজন লোকৰ মৃত্যু হৈছিল। কেইবাজনো লোকৰ ঘৰত অগ্নি সংযোগ কৰাৰ ঘটনাও সংঘটিত হৈছিল শুকুৰবাৰৰ নিশাৰ ভাগত। দুস্কৃতিকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত প্ৰচণ্ড গুলী চালনাৰ ঘটনাও সংঘটিত হয়। আনকি দুস্কৃতিকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত প্ৰচণ্ড গুলী চালনাৰ ঘটনাও সংঘটিত হৈছিল, য’ত নিৰাপত্তাৰক্ষীৰ কেইবাজনো জোৱান আহত হৈছিল। যোৱা ৩ মে’ৰ পৰা মণিপুৰত দুই সম্প্ৰদায়ৰ মাজত আৰম্ভ হোৱা সংঘর্ষৰ সময়ছোৱাত দুগৰাকী মহিলাক ৰাজপথত উলংগ কৰি চোৱাল নিৰ্যাতনৰ ভিডিঅ’ ভাইৰেল হোৱাত বিশ্বজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।