নিউজ ডেস্ক, ২৮ অক্টোবৰ, ২০২৪ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) লামডিং মণ্ডলৰ অধীনস্থ কামপুৰ ৰে’ল ষ্টেচনৰ সমীপত এখন নতুন ৰোড অভাৰ ব্ৰীজৰ (আৰঅ’বি) বো ষ্ট্ৰীং আৰ্ক ষ্টীল গাৰ্ডাৰ সফলতাৰে স্থাপন কৰিছে। এই আৰঅ’বি খন গুৱাহাটী-লামডিং ব্ৰডগজ ৰে’ল পথৰ অন্তৰ্গত কামপুৰ ষ্টেচনৰ এখন লেভেল ক্ৰছিং গেট নং এছটি-৩৫ ৰ স্থানত নিৰ্মাণ কৰা হৈ আছে। প্ৰস্তাৱিত আৰঅ’বি খন জানুৱাৰী, ২০২৫-ৰ ভিতৰত আনুমানিক ৬০ কোটি টকা ব্যয় সাপেক্ষে সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰখা হৈছে।

লেভেল ক্ৰছিং গেট নং এছটি-৩৫ ৰ বিদ্যমান পথটো কামপুৰ ষ্টেচনৰ ষ্টেচন য়াৰ্ডৰ মাজেৰে পাৰ হৈ গৈছে আৰু ই ৰাজ্যিক গড়কাপ্তানি পথত অৱস্থিত। উভয় দিশত ৰে’লৰ চলাচল অথবা শ্বান্টিং অপাৰেচনৰ বাবে অথবা ৰে’লৰ ষ্টেবলিঙৰ বাবে সেই স্থানত পথ পৰিৱহন ব্যৱস্থা অতি বেছি বাধাপ্ৰাপ্ত হয়। গেটখন সৰ্বমুঠ ১,৯৮,১৮১ ভেহিকল ইউনিটৰ সৈতে এখন অতি ব্যস্ত গেট। এই আৰঅ’বিৰ সামগ্ৰিক দৈৰ্ঘ্য ৫১২.৫৮ মিটাৰতকৈ অধিক হ’ব আৰু মুখ্য স্প্যান ৪২ মিটাৰ বো ষ্ট্ৰিং আৰ্ক ষ্টীল গাৰ্ডাৰেৰে গঠিত হ’ব। পথ যান-জঁটৰ লগতে গুৱাহাটী-লামডিং খণ্ডত শেহতীয়াকৈ সম্পূৰ্ণ হোৱা দ্বৈত ৰে’লপথৰ পৰিপ্ৰেক্ষিতত ৰে’ল চলাচল বৃদ্ধি হোৱাৰ হেতু লেভেল ক্ৰছিং গেট এছটি-৩৫ ৰ সলনি এখন আৰঅ’বি নিৰ্মাণৰ প্ৰয়োজনীয়তা উদ্ভৱ হৈছে।

কমিছনিং হোৱাৰ পিছত, এই নতুন আৰঅ’বিয়ে ভিৰৰ সময়ত জনসাধাৰণ আৰু বাহনৰ চলাচল সুগমভাৱে নিয়ন্ত্ৰনৰ লগতে যাত্ৰীসকলক ৰে’লপথত অনধিকাৰ প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিব। ইয়াক কমিছনিং কৰাৰ পিছত, লেভেল ক্ৰছিং গেট এছটি-৩৫ স্থায়ীভাৱে অপসাৰণ কৰা হ’ব। লেভেল ক্ৰছিং গেটখন অপসাৰণ কৰাৰ ফলত ৰে’লৰ সুৰক্ষিত পৰিচালন আৰু আৰঅ’বিৰ জৰিয়তে পথ যান-বাহন আৰু পথচাৰীসকলৰ সুৰক্ষিত চলাচল নিশ্চিত হ’ব। সেতুখন কমিছনিং কৰাৰ পিছত নগাঁৱৰ লগতে কাৰ্বি আংলং জিলাৰ সমগ্ৰ জনসাধাৰণ যথেষ্ট উপকৃত হ’ব।