পলাশবাৰী , সংবাদ ৩৬৫, ৯ জুলাই : ৰাজ্যত এইবাৰ ৫ দিনলৈ চলিব নেৰানেপেৰা বৰষুণ । অসমৰ লগতে চুবুৰীয়া ৰাজ্যসমূহত আগন্তুক ৫টা দিনলৈ বৰঝাৰস্থিত বতৰ বিজ্ঞানে জাৰি কৰিছে সতৰ্কতা । আজিৰ পৰা ৫ দিনলৈ জাৰি কৰা হৈছে সতৰ্কতা ।

অসমৰ প্ৰায় সমূহ ঠাইত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই । ইয়াকে লৈ গঢ়ি তোলা হৈছে ৩ তৰপীয়া সতৰ্কতা । হালধীয়া,কমলা আৰু ৰঙাৰঙী সতৰ্কতা জাৰি কৰা হৈছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ।

১০ জুলাইত ৰাজ্যৰ কোকৰাঝাৰ আৰু চিৰাং জিলাত ৰঙাৰঙী সতৰ্কতা জাৰি কৰি প্ৰৱল বৰষুণ অহাৰ সম্ভাৱণা আছে,ইয়াৰ সমান্তৰালভাৱে বাক্সা জিলাত কমলাৰঙী সতৰ্কতা জাৰি কৰি ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে লগতে ধুবুৰী, বঙাইগাওঁ , নলবাৰী, বৰপেটা, ওদালগুৰি, কাৰ্বি আংলং, বিশ্বনাথ, ধেমাজি, চৰাইদেউ, লক্ষিমপুৰ, তিনিচুকীয়া আৰু ডিমা হাছংকত মুষলধাৰ বৰষুণৰ বাবে গঢ়ি তোলা হৈছে হালধীয়াৰঙী সতৰ্কতা ।

আনহাতে ১১ জুলাইটো ৰাজ্যৰ বাক্সা জিলাত ৰঙা ৰঙী সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞানে । উল্লেখ্য বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই কেৱল অসমতহে জাৰি কৰিছে ৰঙাৰঙী সতৰ্কতা । আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যত জাৰি কৰা হৈছে কমলাৰঙী সতৰ্কতা । এই তথ্য সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।