বৰপেটা, সংবাদ ৩৬৫, ৯ জুলাই : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাৰবাল্লীত বেঁকী নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিয়ে এটি তিনি বছৰীয়া শিশু। কালি সন্ধীয়া সন্ধানসীন হোৱা শিশুটি আব্দুল খালেকৰ পুত্ৰ খাইৰুল জামান (৪) বুলি জানিব পৰা গৈছে । এই ঘটনাক লৈ কান্দোনত ভাগি পৰিছে শিশুটিৰ পৰিয়ালবৰ্গ ।

দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে ভুটানৰ পৰা নামি অহা বেঁকী নৈৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে খাৰবাল্লী, কাচুকাটি, সুতিৰপাথাৰ, ডাউকমাৰী, বৰডাংগা, গুইলেজা আদি বিস্তীৰ্ণ অঞ্চল। যাৰ ফলত বেঁকী নৈত উটি যোৱা শিশুটিক স্থানীয় ৰাইজ আৰু কলগাছিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও উদ্ধাৰ কৰিব নোৱাৰে।

আজি ৰাতিপুৱাৰে পৰা হাউলিৰ এন ডি আৰ এফ বাহিনীয়ে শিশুটিক উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। বেঁকী নৈৰ বাঢ়নি পানীৰ তীব্ৰ সোঁতৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে বুলি জানিবলৈ দিয়ে এন ডি আৰ এফ বাহিনীয়ে।