গুৱাহাটী, ২৯ ডিচেম্বৰ, ২০২৪ : বিগত আই পি এল (IPL) ছিজনত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত হোৱা ৰাজস্থান ৰয়েলছ (আৰ আৰ) আৰু কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ৰ মাজৰ বৰ্ষাবিঘ্নিত বাতিল হোৱা মেচখনৰ টিকট ক্ৰয় কৰা দৰ্শকক ধন ঘুৰাই দিয়াৰ বাবে অন্তিমটো সুযোগ আগবঢ়াছে ৰাজস্থান ৰয়েলছে৷ উল্লেখ্য যে ইতিমধ্যে ৯০ শতাংশতকৈয়ো অধিক লোকক মেচখনৰ ধন ঘূৰাই দিয়া হৈছে৷ এই পক্ৰিয়া সফলতাৰে সম্পন্ন হোৱাৰ বাবে ৰাজস্থান ৰয়েলছে অনুৰাগীসকলৰ সহযোগিতা আৰু সমৰ্থনক ধন্যবাদ জনোৱাৰ লগতে শলাগ লৈছে৷
কিন্তু কমসংখ্যক যিসকল দৰ্শকে এতিয়াও ধন লাভ কৰা নাই তেওঁলোককো মসৃণ আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে প্ৰাপ্য ধন ঘুৰাই পোৱাৰ অন্তিমটো সুযোগ দিছে ৰাজস্থান ৰয়েলছে৷ এই সন্দৰ্ভত দলটোৱে জনোৱা অনুসৰি এইটোৱে ধন লাভৰ শেষ সুযোগ হ’ব৷ ধন ঘুৰাই পাবৰ বাবে অনুৰাগীয়ে তেওঁলোকৰ মূল টিকট আৰু চৰকাৰীভাৱে জাৰি কৰা বৈধ প্ৰমানপত্ৰ দেখুৱাব লাগিব৷ এই পক্ৰিয়া সম্পন্ন হোৱাৰ এমাহ পাছতে সকলো দিশ পৰীক্ষা কৰি ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা হ’ব৷
উল্লেখ্য যে ৰাজস্থান ৰয়েলছৰ প্ৰতিনিধি অহা দুই জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ দুপৰীয়া ১২ বজাৰ পৰা পাঁচ বজালৈ বৰ্ষাপাৰৰ এ চি এ ষ্টেডিয়ামৰ অসম ক্ৰিকেট সন্থাৰ কাৰ্যালয়ত মূল টিকট আৰু চৰকাৰীভাৱে জাৰি কৰা বৈধ প্ৰমানপত্ৰ সংগ্ৰহ কৰাৰ বাবে উপস্থিত থাকিব৷ দৰ্শকে টিকট আৰু প্ৰমানপ্ৰত্ৰৰ লগতে এখন বেংকৰ বাতিল হোৱা চেকো দিব লাগিব৷ সেয়ে দৰ্শকক ৰয়েলছ দলে নিৰ্দিষ্ট সময় আৰু তথ্যসহ এ চি এ ষ্টেডিয়ামলৈ আহিবৰ বাবে অনুৰোধ কৰিছে৷
নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰয়োজনীয় নথি-পত্ৰ প্ৰদান কৰা টিকটধাৰীসকলকহে দাবীৰ সঠিক পৰীক্ষণৰ পিছত ধন ঘূৰাই দিয়া হ’ব৷ ১১ জানুৱাৰীৰ পিছত জমা দিয়া টিকটৰ ধন ঘূৰাই দিয়া নহয়৷ অনুৰাগীসকলৰ সহযোগিতা বিচাৰি ৰাজস্থান ৰয়েলছে আগন্তুক ছিজনৰ বাবেও গুৱাহাটীলৈ পুনৰ ঘূৰি আহিব বুলি প্ৰকাশ কৰিছে৷