গুৱাহাটী, ১৮ মে’, ২০২৪ : চলিত ১৭ সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL) অন্তিম দুখন লীগ খেলত অংশ লোৱাৰ বাবে গুৱাহাটীলৈ অহা ৰাজস্থান ৰয়েলছে দেওবাৰে বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত হ’বলগা দ্বিতীয়খন মেচত পইণ্ট তালিকাৰ শীৰ্ষত থকা কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব৷ উল্লেখ্য যে বৰ্তমান পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকা ৰাজস্থান ৰয়েলছে যোৱা চাৰিখন মেচত ক্ৰমাগত পৰাজয়ৰ সন্মুখীন হৈছে৷ গুৱাহাটীক নিজৰ দ্বিতীয় ঘৰ ৰূপে লোৱা ৰয়েলছে বৰ্ষাপাৰাত খেলা অন্তিম মেচখনত পঞ্জাৱ কিংছৰ বিৰুদ্ধে পৰাস্ত হৈছিল৷

ইতিমধ্যে প্লে-অফলৈ যোগ্যতা অৰ্জন কৰা ৰয়েলছৰ বাবে দেওবাৰৰ মেচখনে প্লে-অফৰ পূৰ্বে জয়ৰ ছন্দলৈ উভতি অহাৰ অন্তিম সুযোগ৷ সেয়ে দেওবাৰৰ মেচখন গুৰুত্ব সহকাৰে লৈ ৰয়েলছে গুৱাহাটীত কে কে আৰৰ বিৰুদ্ধে জয় সাব্যস্ত কৰি আহমেদাবাদলৈ প্লে-অফ মেচ খেলিবলৈ যোৱা লক্ষ্য লৈছে বুলি সাংবাদ মেলত ব্যক্ত কৰে দলটোৰ মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাই৷ ‘আমি প্লে-অফৰ স্থান নিশ্চিত কৰাৰ পাছতো জয়ৰ ধাৰাবাহিকতা ধৰি ৰখাৰ চেষ্টা কৰিছিলো৷ কিন্তু চাৰিখন মেচৰ ব্যৰ্থতাই আমাৰ লক্ষ্যত স্থবিৰতা আনিছে৷ দেওবাৰে আমি জয়ৰ ছন্দলৈ প্ৰত্যাৱৰ্তন কৰাৰ চেষ্টা কৰিম৷ প্লে-অফ মেচৰ পূৰ্বে জয়লাভ কৰাটো দলৰ বাবে ইতিবাচক দিশ হ’ব৷ সফলতাই সকলো দলকে এটা নতুন পথ দিয়ে৷ আমি পুৰণি কথা পাহৰি কাইলৈৰ মেচখনৰ বাবে নতুন ৰূপত সাজু হৈছো৷’ ছাংগাকাৰাই ব্যক্ত কৰে৷

ইফালে, যোৱা মেচৰ গুৱাহাটীৰ মন্থৰ উইকেট সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীলংকাৰ কিংবদন্তী ক্ৰিকেটাৰগৰাকীয়ে কয় ‘আমি উইকেটতো বেয়া বুলি ক’ব নোৱাৰো৷ উভয় দলে একেই সমস্যাৰ সন্মুখীন হৈছিল৷ ঘৰুৱা দলৰূপে আমি সুবিধা পোৱা নাছিলো৷ যদি ১৭০ ৰাণ কৰিলোহেতেন তেন্তে জয়ৰ সুযোগ আছিল৷ দেওবাৰৰ মেচখনত আমি ৰণনীতি তথা দল সলনি কৰাৰ বিষয়েও চিন্তা কৰিম৷’ ছাংগাকাৰাই লগতে ব্যক্ত কৰে৷ অৱশ্যে তেওঁ টছত জয় বাব পৰাজয় টি-২০ মেচত গুৰুত্বপূৰ্ণ নহয় বুলি কয়৷ আনহাতে, গুৱাহাটীৰ বতৰে দেওবাৰৰ মেচত প্ৰভাৱ পেলাব নেকি বুলি সুধা প্ৰশ্নৰ উত্তৰত ছাংগাকাৰাই কয় যে বৰষুণ কাৰো নিয়ন্ত্ৰণত নাথাকে৷ কিন্তু বাধা আহিলেও মেচখন আয়োজন কৰাৰ সুবিধা পালে সেয়া তাৎক্ষণিকভাবে কৰাটোহে সকলোৰে বাবে প্ৰত্যাহ্বান৷

ইফালে, চলিত ছিজনত ৰয়েলছৰ যুৱ তাৰকা অসম সন্তান ৰিয়ান পৰাগৰ প্ৰদৰ্শন তথা ধাৰাবাহিকতা অতুলনীয় বুলি ব্যক্ত কৰি ছাংগাকাৰাই কয় ‘তেওঁ বহু কষ্ট কৰিছে আৰু প্ৰতিদানত অনন্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ ৰিয়ানৰ বেটিঙত শক্তি, চমক লগতে দৃঢ়তা আছে৷’ কিন্তু অলৰাউণ্ডাৰ ৰিয়ানে বলিং নকৰা সন্দৰ্ভত ছাংগাকাৰাই কয় যে কোনো এখন মেচতে দলে মুখ্য বলাৰৰ ব্যৰ্থতাৰ সন্মুখীন নাই সেয়েহে দলত থকা অতিৰিক্ত বলাৰক অধিনায়কে ব্যৱহাৰ কৰা নাই৷ ইফালে, ফৰ্মত থকা অপেনাৰ জ’ছ বাটলাৰৰ অভাৱ দলে স্বাভাৱিকতে অনুভৱ কৰিছে যদিও পৰিস্থিতি অনুসৰি দলে আগুৱাই যাবলৈ সাজু বুলিও ৰয়েলছৰ ক্ৰিকেট সঞ্চালকজনে ব্যক্ত কৰে৷