শিলচৰ, ১৯ মে’, ২০২৪ : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। ড্ৰাগছ বিৰোধী অভিযান চলাই কাছাৰ আৰক্ষীয়ে পুনৰ লাভ কৰিছে এক বৃহৎ সাফল্য। ড্ৰাগছ বিৰোধী অভিযান চলাই কাছাৰ আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ ড্ৰাগছ (Drugs Seized)। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ১০৫ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আটকাধীন তিনি ড্ৰাগছ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন বৃহৎ সাফল্য। কাছাৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ১০৫ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ। আটক তিনিজন ড্ৰাগছ সৰবৰাহকাৰী। শনিবাৰে নিশাৰ ভাগত শিলচৰৰ ঘুংগুৰ আতালবস্তি বাইপাচত কাছাৰ আৰক্ষীয়ে এক অভিযান চলাই প্রায় ১০৫ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে। অভিযানকাৰী আৰক্ষীৰ দলটোৱে এখন চাৰিচকীয়া বাহনত তালাচী চলাই জব্দ কৰে বুজন পৰিমাণৰ হেৰ’ইন। জব্দকৃত হেৰ’ইনখিনিৰ ওজন ১০.৩৩৩ কেজি বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

কাছাৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বুজন‌ পৰিমাণৰ হেৰ’ইনখিনি জব্দ কৰাৰ লগতে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীৰ আটক কৰিবলৈ সক্ষম হয়। অভিযানকাৰী আৰক্ষীৰ দলটোৱে শনিবাৰে নিশা শিলচৰৰ ঘুংগুৰ আতালবস্তি বাইপাচত এখন চাৰিচকীয়া বাহনত তালাচী চলাই বাহনখনৰ গোপন চেম্বাৰৰ পৰা ৬০ টা চাবোনৰ বাকচ ভৰ্তি হেৰ’ইন আৰু ৯ টা ডাঙৰ হেৰ’ইনৰ পেকেটৰ উদ্ধাৰ কৰি জব্দ কৰে। ৬০ টা চাবোনৰ বাকচত ১.৫৪৭ কেজি আৰু ৯ টা ডাঙৰ পেকেটত ৮.৭৮৬ কেজি, মুঠ ১০.৩৩৩ কেজি হেৰ’ইন আছিল।

এই বুজন পৰিমাণৰ হেৰ’ইনখিনিৰ লগত তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে লালট্লানজবা, মালাচাৱমেংগী আৰু ডানিয়াল চি লালচাংমা। ড্ৰাগছ সৰবৰাহকাৰী তিনিজন মিজোৰামৰ বাসিন্দা। ড্ৰাগছ সৰবৰাহকাৰী তিনিজনে হেৰ’ইনখিনি মিজোৰামৰ পৰা লৈ আহিছিল বুলি জানিব পৰা গৈছে। জব্দকৃত ১০.৩৩৩ কেজি হেৰ’ইনখিনিৰ বজাৰ মূল্য ১০৫ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে অসম আৰক্ষীয়ে ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। বিশেষকৈ চুবুৰীয়া ৰাজ্যৰ সীমান্তৰ অঞ্চল সমূহেৰে একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে অসমৰ মাজেৰে ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে। বিগত সময়ছোৱাত কৰিমগঞ্জ আৰু কাছাৰৰ মাজেৰে ড্ৰাগছ সৰবৰাহকাৰীৰ ড্ৰাগছ সৰবৰাহৰ কেইবাটাও চেষ্টা বিফল কৰিছে আৰক্ষীয়ে।