টিংখাং, ২৯ নৱেম্বৰ: টিংখাঙৰ ৰাজগড়ত আজি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক ধৈৰ্য কোঁৱৰে গণমুক্তি সংগ্ৰাম সমিতিৰ আহ্বায়ক বেদান্ত লষ্কৰ আৰু সৰ্বক্ষণ কৰ্মী গোপী শইকীয়াৰ মুক্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৱে। ৰাজগড় শ্বহীদবেদী সমীপত  মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি ৰাজপথেদি চুচৰাই দাহ কৰি সাব্যস্ত কৰা হয় এই প্ৰতিবাদ। নাগালিম আৰু বাংলাদেশক মাটি দি সৰ্বা চৰকাৰে থলুৱা খিলঞ্জীয়াক উচ্ছেদ কৰা কাৰ্যত তীব্ৰ ক্ষোভ উজাৰে সংগঠনটোৱে৷ বিজেপি মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনিৰে সংগঠনটোৱে উত্তাল কৰি তোলে মৰাণ নাহৰকটীয়াৰ পথ। আনহাতে সংগঠনটোৱে জাতি, মাটি, ভেঁটিৰ দুহাই দি শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে আমচাঙৰ থলুৱা লোকসকলক উচ্ছেদ কৰাৰ তীব্ৰ বিৰোধীতা কৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে৷