কলিয়াবৰ, ২৯ নৱেম্বৰ: জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবেন বৰাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে নিশা অভিযান চলাই নগাঁও জিলাৰ কঠিয়াতলিৰ ২নং কাৱৈমাৰি গাঁৱৰ পৰা মঃ জাকিৰ হুছেইন আৰু বাগৰিৰ পৰা মঃ ফাৰুক আলি নামৰ দুজন চোৰাং চিকাৰী আটক কৰে৷ আটকাধীন ফাৰুক আলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বহুকেইটা গঁড় হত্যা ঘটনাৰ লগত জড়িত থকা বুলি আৰক্ষী নিশ্চিত হৈছে। ইতিপূৰ্বে আটকাধীন ফাৰুক গঁড় হত্যাৰ গোচৰত কেইবাবাৰো গ্ৰেপ্তাৰ হৈছে। মণিপুৰৰ চোৰাং চিকাৰীৰ দলটিৰ অন্যতম ফাৰুকে পাইতে জন থাং ৰ লগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ৰাঙলুত বাহৰ পাতি গঁড় হত্যাৰ পৰিকল্পনা কৰা বুলি আৰক্ষীৰ সুত্ৰে জানিব পৰা গৈছে। অলপতে নগাঁও সদৰৰ হয়বৰগাঁৱত  উদ্ধাৰ হোৱা অস্ত্ৰ -শস্ত্ৰৰগৰাকী জন থাঙৰ লগত আলোচনা কৰা বুলি চোৰাং চোৱাৰ পৰা আৰক্ষীয়ে তথ্য লাভ কৰিছে। নগাঁৱৰ কঠিয়াতলিৰ পৰা আটক কৰা জাকিৰ হুছেইনে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা আৰক্ষীৰ চকুত ধুলি দি পলাই থাকিবলৈ সক্ষম হৈছিল যদিও যোৱাকালি জখলাবন্ধা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱাত আৰক্ষীৰ এক বৃহৎ সফলতা বুলি দাবী কৰিছে আৰক্ষীয়ে৷