গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ উদ্যোগত ডিগবৈৰ জাতীয়  বিদ্যালয়ত কবি, সাহিত্যিকসকলৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়৷ সভাখনত সভাপতিত্ব কৰে উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ধনীৰাম কোঁৱৰে৷ সভাত ডিগবৈৰ বিভিন্ন প্ৰান্তৰ শতাধিক নবীন-প্ৰবীণ কবি, সাহিত্যিকে অংশগ্ৰহণ কৰি স্বৰচিত কবিতা পাঠ কৰাৰ লগতে গীতো পৰিবেশন কৰে৷ উক্ত সভাত  উত্তৰ পূৱ সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ ডিগবৈৰ শাখা সমিতিখন গঠন কৰা হয়। সভাৰ সৰ্বসন্মতিক্ৰমে বিনন্দ কুমাৰ কোঁৱৰক সভাপতি আৰু  বৈজয়ন্তী বৰাক সম্পাদক হিচাপে লৈ মুঠ ২১ জনীয়া কমিতিখন গঠন কৰা হয়।