ৰাঙাপাৰা, ২ মেঃ দিনক দিনে ৰাজ্যৰ স্বাস্থ্য ব্যৱস্থাত মামৰে ধৰিবলৈ ধৰিছে। অকামিলা হৈ পৰিছে যেন প্ৰভাৱশালী মন্ত্ৰীৰ বিভাগটো। কৰবাত ভাতৃয়ে চাইকেলেৰে নিছে মৃতদেহ, কৰবাত আকৌ আৰক্ষীৰ গাড়ীত নিয়া হয় দুৰ্ঘটনাট আহত লোকক। অনুৰূপ দৃশ্য দেখা গল শোণিতপুৰ জিলাৰ ৰাঙাপাৰাত ৰেল দুর্ঘটন আহত হোৱা যুৱক এজনৰ ক্ষেত্ৰত। ৰাঙাপাৰাৰ ৩নং ৱাৰ্ডৰ ৰাকেশ সাহা নামৰ যুৱকনজন ৰেল লাইন পাৰ হবলৈ যাওঁতে ৰেলৰ খুন্দায় হেৰুৱাব লগাত পৰিল নিজৰ দুয়োখন ভৰি। ৰাঙাপাৰাত ঠাকুৰবাৰীত থকা ৰেল গোটত  ডেকাৰগাঁও ৰঙিয়া অভিমুখী যাত্ৰীবাহী পেচেঞ্জাৰ ৰেলৰ খুন্দাত দুয়োখন ভৰি কাট যোৱা যুৱকজন প্ৰায় এ ঘণ্টা ধৰি ঘটনস্থলীত পৰি থাকে। স্থানীয় লোক সকলে এঘণ্টা ধৰি ১০৮ এম্বুলেন্সক ফোন কৰাৰ পিছতো ১০৮ এম্বুলেন্স উপস্থিত নোহোৱাত ব্যক্তিগত বাহনৰে আহত যুৱক জনক অতি সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ১০৮ এম্বুলেন্স সেৱাৰ দুর্ঘটনাস্থলীত আহি নোপোৱাত স্থানীয় লোকসকল ক্ষোভিত হৈ পৰে। ধনৰ অভাৱত ১০৮ৰ সেৱাত ব্যাঘাত জন্মিছে নে  কৰ্মচাৰীসকলৰ মৈমতালিৰ ফলত জানাসাধাৰান বঞ্চিত হৈছে এই সেৱাৰ পৰা? এতিয়া এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে জনসাধাৰণে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পৰা।   মুঠতে এতিয়া ৰাজ্যৰ স্বাস্থ্য ভিভাগৰ এম্বুলেন্স সেৱক দৰকাৰ হৈছে চিকিৎসাৰ অন্যথা আই চি উ থকা এম্বুলেন্স সেৱা অতি শীঘ্ৰে মৃত্যু মুখত পৰিব।