ৰঙিয়া, ২ মেঃ ৰঙিয়া চহৰৰ মাজত এখন অৰণ্য তাৰে মাজতে বাস কৰে একাংশ লোক। বছৰ বছৰ ধৰি এওঁলোকে বাস কৰি আহিছে এইখন অৰণ্যত। এক কদৰ্য্যময় পৰিবেশৰ মাজত থাকিবলৈ বাধ্য এওঁলোক । কাৰণ ৰজা ঘৰৰ নিৰ্দেশ, সেয়ে তেওঁলোক বাধ্য অৰণ্যত থাকিবলৈ । পিছে ৰঙিয়া চহৰত ক’ত আছে অৰণ্য আৰু ইয়াত বাস কৰা এওঁলোক কোন? ৰঙিয়াত অৰণ্য আৰু ইয়াত থকা বাসিন্দাক চাবলৈ হলে যাব লাগিব ৰঙিয়াৰ মাজ মজিয়াত থকা ৰঙিয়া সদৰ থানালৈ । বৃটিছৰ যুগতে স্থাপিত এই সদৰ থানা চৌহদতে আছে পিটনি, হাবি -বন এক জংঘল সদৃশ পৰিবেশ । এই জংঘলৰ মাজতে বাস কৰে ৰঙিয়া থানাৰ আৰক্ষী সকলে। এক কদৰ্য্যময় পৰিবেশৰ মাজত ডাঙৰ-দীঘল হব লাগে আৰক্ষীৰ কণমানি লৰা-ছোৱালী। অসম আৰক্ষীৰ আধুনিকীকৰণৰ প্ৰকৃত ছবি এইখন আৰক্ষী চকীত আহিলেহে দেখিবলৈ পোৱা যায়। গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াৰ আপোনাৰ স্মাৰ্ট পুলিচ কত বাস কৰে চাবলৈ এবাৰ আপুনি ৰঙিয়া আৰক্ষী চকিলৈ আহক।   হাবি জংঘলেৰ মাজত থানাৰ আবাসীয়ে সাপ, জোক তথা বন্ধ নলা নৰ্দমা, জাবৰ জোথৰৰ দমৰ মাজত জহি-খহি যোৱা চৰকাৰী গৃহৰ মাজত কেনেদৰে নৰক সদৃশ পৰিবেশত বাস কৰে চাই যাব পাৰিব আপুনি । আৰক্ষীৰ বৰমুৰীয়া সকল, শীত তাপ নিয়ন্ত্ৰিত অত্যাধুনিক কোঠাৰ পৰা নিৰ্দেশ দিয়া সহজ, কিন্তু এনে নৰক সদৃশ পৰিবেশৰ মাজৰ পৰা দায়িত্ব পালন কৰাটো বহু টান । এদিন নালাগে থাকিবলৈ আপোনালোক – এঘন্টাৰ বাবে ৰঙিয়া থানা চৌহদৰ কাদৰ্য্যময় পৰিবেশত থাকক । আপোনালোকে বুজিব কি পৰিবেশত আপোনালোকৰ তলতীয়া আৰক্ষী তথা পৰিয়াল জীয়াই থাকিব লগা হয় । থানা চৌহদৰ আৰক্ষী তথা পৰিয়ালৰ লোকসকল কিদৰে ইয়াত বাস কৰি আছে এই কথা ইয়াত থকা লোক সকলেহে কব পাৰিব।