ৰঙিয়া, ২২মেঃ ৰঙিয়া আইটিআই কলেজত উত্তাল প্ৰতিবাদ। এবছৰ পূৰ্বে সম্পূৰ্ণ হোৱা ৰঙিয়া তুলসীবাৰীস্থিত আইটিআই কলেজখন বৰ্তমানলৈ মুকলি নোহোৱাত স্থানীয় ৰাইজৰ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ তলা বন্ধ কলেজখনৰ সন্মুখত স্থানীয় ৰাইজে শীঘ্ৰে কলেজখন আৰম্ভ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে কলেজ চৌহদ উত্তাল কৰি তোলে। উল্লেখ্য যে, প্ৰায় চাৰি বছৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ আমোলত তুলসীবাৰীৰ মাহতলিত ৰাইজে দান কৰা মাটিত কাৰিকৰী প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। পৰবৰ্তী সময়ত অতি লেহেম গতিত নিৰ্মাণৰ কাম আৰম্ভ কৰা কলেজখনৰ নিৰ্মান সম্পূৰ্ণ হোৱাৰ পিছত যোৱা বৰ্ষৰ ১ মাৰ্চত সাংসদ ভুৱনেশ্বৰ কলিতা আৰু তদানীন্তন স্থানীয় বিধায়ক ঘনশ্যাম কলিতাই কলেজখন উদ্বোধন কৰে। কিন্তু উদ্ধোধন কৰাৰ এবছৰ দুমাহ পিছতো কলেজখনত শিক্ষাদান আৰম্ভ নোহোৱাত ক্ষুব্ধ ৰাইজে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। কলেজখন আৰম্ভ নৌহওঁতে জহি-খহি যাবলৈ আৰম্ভ হোৱাত ইয়াৰ আন্তঃগাঁঠনি নিৰ্মাণক লৈও স্থানীয় ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে। কলেজ নিৰ্মানত দুৰ্নীতি হোৱাৰ অভিযোগ তুলি তদন্তৰ দাবী কৰিছে প্ৰতিবাদকাৰীয়ে। লগতে অতি শীঘ্ৰে কলেজখন আৰম্ভ কৰিবলৈ চৰকাৰক স্থানীয় লোকে আহ্বান জনাইছে।