আজিজুল হক, মানিকপুৰ, ২২ মেঃ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত কোকিলা মৌলভীপাৰাৰ শিক্ষিত যুৱক মনিৰুল ইছলামে থলুৱা প্ৰজাতিৰ ৰৌ, মিৰিকা, ভকুৱা, পুঠি, গ্ৰাছকাপ, ছিলভাৰকাপ, ভাটা, কালকুনি, কমলকাপ, কুৰি আদি প্ৰজাতিৰ মাছৰ পোনা উৎপাদন কৰাৰ লগতে মীন পালনৰ জৰিয়তে স্বাৱলম্বী হৈছে। নিজৰ ইউকো হেচাৰিত ২০১০ চনৰ পৰা মাছৰ পোনা উৎপাদনৰ লগতে নিজৰ পুখুৰীত মাছ পালন কৰি বছৰি প্ৰায় ৩/৪ লাখকৈ টকা আয় কৰিবলৈ সক্ষম হৈছে। ইউকো হেচাৰিৰ জৰিয়তে প্ৰত্যক্ষ ও পৰোক্ষভাৱে প্ৰায় ৪৫ জন লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে যুৱক জনে। বৰ্তমানে কণীযুক্ত মাছ নিধন কৰা কাৰ্য্যৰ বিৰুদ্ধে মীন বিভাগক বিহিত ব্যৱস্থা ল’বলৈ মনিৰুলে আহ্বান জনাইছে। পৰীক্ষা মূলক ভাবে লোকেল মাগুৰ আৰু কাৱৈ মাছৰ পোনা সফল হৈছে যদিও উপযুক্ত হেচাৰিৰ অভাৱত এয়া সম্ভৱ হোৱা নাই বুলি মণিৰুলে জানিবলৈ দিয়ে। কলা শাখাত স্নাতক পাছ কৰি চাকৰিৰ পৰিবৰ্তে মাছৰ পোনা উৎপাদন কৰি যুৱ প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে মনিৰুল। মীন বিভাগে অলপ সহায়ৰ হাত আগবঢ়ালে আৰু আগবাঢ়ি যাব পাৰিব এইজন শিক্ষিত যুৱকে।