ৰঙিয়া, ২৫ নৱেম্বৰঃ ৰঙিয়াৰ নুৰুদ্দিন পথত শুক্ৰবাৰে নিশা উদণ্ড ট্ৰাক চালকে চলালে তাণ্ডৱ। দ্ৰুতবেগী এএছ-০১-জি-৫৩১২ নম্বৰৰ ট্ৰাকখনে এফালৰ পৰা মহতিয়াই লৈ যায় বিদ্যুৎতৰ খুটা। বিদ্যুৎ পৰিবাহিত খুটা এফালৰ মহতীয়াই নিয়াত চৰ্ত চাৰ্কিট হৈ অগ্নিকাণ্ডৰ সৃষ্টি হয় আৰু অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰে। এই দুৰ্ঘটনাত সংঘটিত হোৱা অগ্নিকাণ্ড ৰাইজে নিয়ন্ত্ৰনালৈ অনাত বহু লোকৰ প্ৰাণ ৰক্ষা পৰে। ইফালে দুর্ঘটনা সংঘটিত কৰি ট্ৰাকখন পলায়ন কৰে যদিও আৰক্ষীয়ে ৰঙিয়াৰ মৰাণজানাত চালকসহ ট্ৰাকখনক আটক কৰি থানালৈ লৈ আহে। ৰঙিয়াৰ ৰাইজে অভিযোগ কৰে যে আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ ফলত এনে উদণ্ড ট্ৰাক চালকৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।