সোণতলী, ২৫ নৱেম্বৰঃ ৰাজ্যত এনে বহু পথ আৰু দলং আছে যিবোৰ এবাৰ ভঙাৰ পিছত পুনৰবাৰ আৰু নিৰ্মাণৰ হোৱা দেখিবলৈ পোৱা নাযায়। তেনে এক দলং আছে বাকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ ছমাৰীয়াৰ পৰা মৰাকলহীৰ মালিবাৰীলৈ যোৱা গড়কাপ্তানী পথৰ ওপৰত। ১৯৮৮ চনত ৰাজ্যত হোৱা ভয়াবহ বানপানীয়ে উটুৱাই নিছিল এই দলংখন আৰু ৩০ বছৰ ধৰি দলংখন অপেক্ষাত আছে পুনৰ নিৰ্মাণৰ। দলংখনৰ ৩০ বছৰীয়া পুনৰ নিৰ্মাণৰ অপেক্ষাই যমৰ যাতনাত ভুগিবলৈ বাধ্য কৰাইছে অঞ্চলবাসীক। অঞ্চলবাসীৰ দৈনন্দিন জীৱন যাত্ৰাৰ একমাত্ৰ সম্ভল এই দলংখনৰ ওপৰত সুদৃষ্টি পৰা নাই বিভাগীয় কর্তৃপক্ষ আৰু জনপ্ৰতিনিধিৰ। ৩০ বছৰ পূৰ্বে ইয়াত থকা দলংখনৰ কোনো চিন চাপ নাথাকিলেও দলংখনৰ অস্তিত্ব ৰক্ষা কৰি ৰাখিছে দলংখনৰ খুটি কেইটা। কালাতলী, নেউলডুৱা, মৰাকলহী, মালীবাৰী, চতুৰ্ভুজ, ডেকাচাং, বগৰীগুৰী, পুঠিমাৰীকে ধৰি বহুকেইটা অঞ্চলৰ ৰাইজ এই ভঙা দলংখন থকা উপপথটোৰ ওপৰত নিৰ্ভৰশীল কিন্তু বাৰিষাৰ সময়ত এই পথেৰে যাতায়ত বন্ধ হৈ পৰাত এই অঞ্চলবাসীয়ে দুই মিনিটৰ পথ অতিক্ৰম কৰিবলৈ খৰছ কৰিবলে লগীয়া হয় দুই তিনি ঘণ্টা। কণ কণ স্কুলীয়া শিশুৰ লগতে কলেজীয়া ছাত্ৰ ছাত্ৰীসকলো দলংখন নথকাৰ বাবে যাতায়তৰ ক্ষেত্ৰত কষ্ট ভোগ কৰিবলগীয়া হয়। ১০৮, আদৰণি সেৱাৰ পৰা বঞ্চিত এই অঞ্চলবাসীয়ে ঠেলা, সাঙি, চাইকেলেৰে কঢ়িয়াবলগীয়া হয় গৰ্ভৱতী মহিলা আৰু সংকটজনক ৰোগী। পথটোৰ লগতে দলংখনৰ পুনৰ ৰ্নিৰ্মান বাবে স্থানীয় ভুক্তভোগী ৰাইজে বিভাগীয় কর্তৃপক্ষ আৰু জনপ্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো ৰাইজে কোনো সুফল পোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে।