ৰাণী, ২৩ ছেপ্টেম্বৰঃ ৰাণীত ১৭৫ চিআৰপিএফ বেটেলিয়নে স্বচ্ছতা সেৱা অভিযানৰ অংশ হিচাপে স্বচ্ছতা সেৱা শীৰ্ষক এক বিশাল শোভাযাত্ৰা উলিয়াই। ৰাণীৰ কেবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী, দল-সংগঠনৰ লগতে চিআৰপিএফৰ বহু কেইগৰাকী শীৰ্ষ বিষয়াই এই স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ উল্লখ্য যে, মহাত্মা গান্ধীৰ সপোনৰ স্বচ্ছ ভাৰত গঢ়াৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা স্বচ্ছতা সেৱাই অভিযানৰ জৰিয়তে ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্মজয়ন্তীৰ পূৰ্বে সমগ্ৰ ভাৰতবৰ্ষ স্বচ্ছ আৰু নিৰ্মূল কৰা লক্ষ্য বাস্তবায়িত কৰা উদ্দেশ্যে ৰাণীৰ ১৭৫ চিআৰপিএফ বেটেলিয়নে এই কাৰ্যসূচী ৰূপায়ন কৰে৷ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আতাৰিৰ উদ্যোগত ৰাণীৰ মাজপাৰা বিদ্যালয়ত সুস্থ পৰিবেশ গঢ়ি তোলাৰ লক্ষ্যৰে বিভিন্ন গছ ৰোপনৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগীতাৰ আয়োজন কৰা হয়৷