তিতাবৰ, ২২ ছেপ্টেম্বৰঃ তিতাবৰ ডফলাটিঙৰ নতুন ককিলাৰ এজন যুৱক সন্ধানহীন হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, নতুন ককিলাৰ গোবিন দাস আৰু কল্পনা দাসৰ একমাত্ৰ পুত্ৰ দীপাংকৰ দাস (২০) নামৰ যুৱকজন বিগত ১০ দিন সন্ধানহীন হৈ আছে৷ পৰিয়ালৰ লোকে ঘটনাৰ সন্দৰ্ভত তিতাবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানেও আৰক্ষীয়ে যুৱকজনৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ স্থানীয় লোকে দীপাংকৰ দাসক কোনো লোকে অপহৰণ কৰাৰ সন্দেহ কৰিছে। যুৱকজনৰ কোনো সন্ধান নোপোৱাত পৰিয়ালটো শোকত ভাগি পৰিছে। কোনো লোকে যুৱকজনৰ সন্ধান পালে স্থানীয় আৰক্ষী থানাত অৱগত কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে৷